অসম

assam

ETV Bharat / state

বিজেপিৰ ৰাজ্যিক মহিলা মৰ্চাৰ ক'ভিড হেল্পলাইন নম্বৰ মুকলি - বিজেপিৰ ৰাজ্যিক সভাপতি ৰণজিৎ কুমাৰ দাস

ক'ভিডৰ ভয়াৱহতাৰ প্ৰতি লক্ষ্য ৰাখি ৰাইজৰ সুবিধাৰ্থে ৰাজ্যিক বিজেপিৰ মহিলা মৰ্চাই মুকলি কৰিছে ক'ভিড হেল্পলাইন নম্বৰ । নম্বৰটো মুকলি কৰে বিজেপিৰ ৰাজ্যিক সভাপতি ৰণজিৎ কুমাৰ দাসে । 'অসমীয়া বিজেপি বাৰ্তা'ৰ মে' মাহৰ সংখ্যা উন্মোচন ।

BJP
বিজেপি

By

Published : May 2, 2021, 7:42 PM IST

গুৱাহাটী,২ মে': ক'ভিডৰ ভয়াৱহতাৰ প্ৰতি লক্ষ্য ৰাখি ৰাইজৰ সুবিধাৰ্থে ৰাজ্যিক বিজেপিৰ মহিলা মৰ্চাই মুকলি কৰিছে ক'ভিড হেল্পলাইন নম্বৰ । শনিবাৰে ৰাজ্যিক বিজেপিৰ গুৱাহাটীৰ হেঙেৰাবাৰীস্থিত মুখ্য কাৰ্যালয়ত আয়োজন কৰা এক অনুষ্ঠানত ৮৭৯২৭৩৯৫৬৬ নম্বৰৰ ক'ভিড হেল্পলাইন নম্বৰটো আনুষ্ঠানিকভাৱে মুকলি কৰে দলৰ ৰাজ্যিক সভাপতি ৰণজিৎ কুমাৰ দাসে ।

কৰ'ণাৰ এই সংকটৰ সময়ত ৰাইজৰ সুবিধাৰ্থে বিজেপিৰ অসম প্ৰদেশৰ মহিলা মৰ্চাই গ্ৰহণ কৰা পদক্ষেপৰ শলাগ লৈ সভাপতি দাসে কয় যে এই হেল্পলাইন নম্বৰৰ যোগেদি জনসাধাৰণে চৰকাৰী হেল্পলাইন নম্বৰৰ দৰেই কৰ'ণাৰ সজাগ-সচেতনতা সম্পৰ্কীয় বিভিন্ন তথ্যৰ বিষয়ে অৱগত হ'ব পাৰিব ।

বিজেপিৰ ৰাজ্যিক মহিলা মৰ্চাৰ ক'ভিড হেল্পলাইন নম্বৰ মুকলি

এই অনুষ্ঠানতে সভাপতি দাসে 'অসমীয়া বিজেপি বাৰ্তা'ৰ মে' মাহৰ সংখ্যা উন্মোচন কৰে । ৰাজ্যিক বিজেপিৰ অৰ্থনৈতিক কোষৰ আহ্বায়ক দেৱজিৎ মহন্তই আঁত ধৰা অনুষ্ঠানটোত 'অসমীয়া বিজেপি বাৰ্তা'ৰ সম্পাদক দেৱদত্ত বৰকটকী, ৰাজ্যিক মহিলা মৰ্চাৰ সভানেত্রী অপৰাজিতা ভূঞাৰ উপৰি কেইবাজনো দলীয় নেতা উপস্থিত আছিল ।

লগতে পঢ়ক: মৰাণৰ বাৱৰ্চি ৰেষ্টুৰেণ্টসহ পেট্ৰল পাম্প সাময়িকভাৱে বন্ধ

ABOUT THE AUTHOR

...view details