অসম

assam

ETV Bharat / state

ক'ভিড: নিৰ্বাচন আয়োগৰ বাধা নিষেধ ধোঁৱাচাঙত

নিৰ্বাচন আয়োগৰ নিৰ্দেশ আছিল যে, মনোনয়ন দাখিলৰ সময়ত প্ৰাৰ্থীজনে লগত পাঁচজন সমৰ্থককহে নিব পাৰিব । আজি তৃতীয় পৰ্যায়ৰ মনোনয়নৰ দিন শেষ হ'ল । প্ৰথম, দ্বিতীয় বা তৃতীয় কোনো এটা পৰ্যায়ৰ নিৰ্বাচনৰ প্ৰাৰ্থীয়ে পাঁচজন সমৰ্থকক লগত লৈ মনোনয়ন দাখিল কৰিবলৈ যোৱা দেখা নগ'ল । কি শাসক, কি বিৰোধী, কি নিৰ্দলীয় কোনো এটা পক্ষৰে প্ৰাৰ্থীয়ে পালন নকৰিলে নিৰ্বাচন আয়োগৰ নিৰ্দেশ ।

ক'ভিড: নিৰ্বাচন আয়োগৰ বাধা নিষেধ ধোৱাচাঙত
ক'ভিড: নিৰ্বাচন আয়োগৰ বাধা নিষেধ ধোৱাচাঙত

By

Published : Mar 19, 2021, 4:38 PM IST

গুৱাহাটী, ১৯ মাৰ্চ: বিধানসভা নিৰ্বাচনৰ দিন ঘোষণা হোৱাৰ পূৰ্বেই অসমলৈ আহি দেশৰ মুখ্য নিৰ্বাচন আয়ুক্ত সুনীল অৰোৰা সমন্বিতে আয়োগৰ শীৰ্ষস্তৰীয় দলটোৱে ঘোষণা কৰি থৈ গৈছিল কেতবোৰ কঠোৰ বাধা নিষেধ । ক'ভিডৰ ভয়াবহতাৰ বাবে এইবাৰ বিশেষ কিছু নিয়ম নীতি আৰু বাধা নিষেধৰ মাজেৰেহে অসমত নিৰ্বাচনী প্ৰচাৰ চলিব বা ভোটগ্ৰহণ পৰ্ব সম্পন্ন হ'ব বুলিও ঘোষণা কৰি থৈ গৈছিল আয়োগে । পৰৱৰ্তী সময়ত ৰাজ্যৰ মুখ্য নিৰ্বাচনী বিষয়া নীতিন খাৰেয়ো এই নতুন নিয়মৰ বিষয়ে সদৰী কৰিছিল । কিন্তু কাৰ্যত: এতিয়া এই সকলোবিলাক ধোঁৱাচাঙত ।

ক'ভিড: নিৰ্বাচন আয়োগৰ বাধা নিষেধ ধোৱাচাঙত
নিৰ্বাচন আয়োগৰ নিৰ্দেশ আছিল মনোনয়ন দাখিলৰ সময়ত প্ৰাৰ্থীজনে লগত পাঁচজন সমৰ্থককহে নিব পাৰিব । আজি তৃতীয় পৰ্যায়ৰ মনোনয়নৰ দিন শেষ হ'ল । প্ৰথম, দ্বিতীয় বা তৃতীয় কোনো এটা পৰ্যায়ৰ নিৰ্বাচনৰ প্ৰাৰ্থীয়ে পাঁচজন সমৰ্থকক লগত লৈ মনোনয়ন দাখিল কৰিবলৈ যোৱা দেখা নগ'ল । কি শাসক, কি বিৰোধী, কি নিৰ্দলীয় কোনো এটা পক্ষৰে প্ৰাৰ্থীয়ে পালন নকৰিলে নিৰ্বাচন আয়োগৰ নিৰ্দেশ । আনহে নালাগে, সৌ সিদিনা ত্ৰিশ হাজাৰ সমৰ্থকক লগত লৈ বিজেপিৰ পীযুষ হাজৰিকাই মনোনয়ন দাখিল কৰাৰ পিছত আজি ডঃ হিমন্তবিশ্ব শৰ্মাৰ ক্ষেত্ৰতো দেখা গ'ল একেই দৃশ্য । নিৰ্বাচন আয়োগৰ নিৰ্দেশ বতাহত উৰি গল ।আয়োগে নিৰ্দেশ দি থৈ গৈছিল- নিৰ্বাচনী সভাসমূহত উপস্থিত থকা দৰ্শকৰ আসনৰ ব্যৱস্থা হ'ব লাগিব দুগজৰ আঁতৰে আঁতৰে । আজিলৈকে কোনো দলৰ কোনো এখন প্ৰচাৰ সভাতেই এই দৃশ্য দেখা নগ'ল । যি সময়ত বৰঝাৰ বিমান বন্দৰত বাহিৰৰ পৰা অহা প্ৰতিজন বিমানযাত্ৰীক ক'ভিড পৰীক্ষাৰ নামত দুঘন্টা-তিনি ঘন্টাকৈ বহুৱাই ৰখা হৈছে, সেই সময়ত নিৰ্বাচনক লৈ চৰকাৰ ইমান শিথিল কিয় ? নিৰ্বাচন আয়োগ সকলো দেখি শুনিও মৌন । যোৱা মাত্ৰ এটা দিনতে মহাৰাষ্ট্ৰত ক'ভিডত আক্ৰান্ত হৈ ১৭২ জন লোকে প্ৰাণ হেৰুৱাইছে । তৎস্বত্বেও নিৰ্বিকাৰ নিৰ্বাচন আয়োগ, প্ৰশাসন ।

ABOUT THE AUTHOR

...view details