অসম

assam

ETV Bharat / state

কোভিড চিকিৎসাৰ বাবে সাজু গুৱাহাটীৰ ব্যক্তিগত হাস্পতাল - কোভিড চিকিৎসাৰ বাবে সাজু

সৰ্বমুঠ তিনিশখন বিচনাৰে গুৱাহাটীৰ ব্যক্তিগত খণ্ডৰ হাস্পতালসমূহক কোভিড চিকিৎসাৰ বাবে সাজু কৰি তুলিবলৈ লক্ষ্য নিৰ্ধাৰণ কৰি লৈছে ৰাজ্যৰ স্বাস্থ্য বিভাগে । ইতিমধ্যে ন্যূনতম দহখন বিচনাৰ পৰা সৰ্বাধিক ত্ৰিশখন বিচনাৰে নিজকে সাজু কৰি তুলিছে ব্যক্তিগত হাস্পতালসমূহে ।

covid-19treatments-ready-to-private-hospital-assam
কোভিড চিকিৎসাৰ বাবে সাজু গুৱাহাটীৰ ব্যক্তিগত হাস্পতাল

By

Published : Jul 8, 2020, 10:15 PM IST

গুৱাহাটী,৮জুলাইঃ ৰাজধানী চহৰ গুৱাহাটীত ভয়ংকৰ হাৰত কোভিড সংক্ৰমণ বৃদ্ধি পোৱাৰ পৰিপ্ৰেক্ষিতত ৰাজ্য চৰকাৰৰ আহ্বানমৰ্মে মহানগৰীৰ প্ৰায়খিনি আগশাৰীৰ হাস্পতাল সাজু হৈ উঠিছে কোভিড চিকিৎসাৰ বাবে । অৱশ্যে ইয়াৰে দুই এখন হাস্পতালৰ আন্তৰ্গাঠনি এতিয়াও সম্পূৰ্ণ হৈ নুঠাৰ বাবে আৰম্ভ কৰা নাই চিকিৎসা সেৱা । সৰ্বমুঠ তিনিশখন বিচনাৰে গুৱাহাটীৰ ব্যক্তিগত খণ্ডৰ হাস্পতালসমূহক কোভিড চিকিৎসাৰ বাবে সাজু কৰি তুলিবলৈ লক্ষ্য নিৰ্ধাৰণ কৰি লৈছে ৰাজ্যৰ স্বাস্থ্য বিভাগে । ইতিমধ্যে ন্যূনতম দহখন বিচনাৰ পৰা সৰ্বাধিক ত্ৰিশখন বিচনাৰে নিজকে সাজু কৰি তুলিছে ব্যক্তিগত হাস্পতালসমূহে । মূলতঃ জি এন আৰ চি, আয়ুৰসুন্দ্ৰা হাস্পতাল, নেমকয়াৰ হাস্পতাল, স্বাগত হাস্পতাল, এপল' হাস্পতাল আদি ইতিমধ্যে সাজু হৈ উঠাৰ বিপৰীতে দুই এদিনৰ ভিতৰতে চিকিৎসা সেৱা আগবঢ়োৱাৰ বাবে সাজু হৈ উঠিব ডাউন টাউনকে ধৰি আন কেইবাখনো হাস্পতাল ।

কোভিড চিকিৎসাৰ বাবে সাজু গুৱাহাটীৰ ব্যক্তিগত হাস্পতাল
সকলো হাস্পতালতে আই চি ইউসহ বিচনাৰ ব্যৱস্থা কৰা হৈছে । নেমকেয়াৰ হাস্পতালৰ অধ্যক্ষ তথা মুখ্য কাৰ্যবাহী বিষয়া ডাঃ হিতেশ বৰুৱাই ই টিভি ভাৰতক কয় যে নেমকেয়াৰে মুঠ ১৬ খন বিচনা কোভিড ৰোগীৰ চিকিৎসাৰ বাবে সাজু কৰিছে । ইয়াৰে দুখন আই চি ইউ সহ । ইতিমধ্যে নেমকেয়াৰলৈ কোভিড ৰোগী আহিবলৈ আৰম্ভও কৰিছে । যিহেতু কোভিড চিকিৎসাৰ সমস্ত প্ৰক্ৰিয়াটো অত্যন্ত ব্যয়বহুল সেয়েহে গুৱাহাটী মহানগৰীৰ আগশাৰীৰ প্ৰায় সকলো হাস্পতালৰ মালিকপক্ষ একত্ৰিত হৈ এক নিৰিখ নিৰ্ধাৰণ কৰিছে । অৱশ্যে প্ৰতিখন হাস্পতালৰে ৰূম ভাড়া সুকীয়া হোৱা বাবে এই নিৰিখ হাস্পতালভেদে তাৰতম্য ঘটিব বুলি তেওঁ জানিবলৈ দিয়ে । আনহাতে, আয়ুৰসুন্দ্ৰা হাস্পতালৰ মুখ্য কাৰ্যবাহী বিষয়া মনোজ কুমাৰ ডেকাই কয় যে কোভিড ৰোগীৰ চিকিৎসা ইতিমধ্যে আয়ুৰসুন্দ্ৰাই আৰম্ভ কৰিছে । আয়ুৰসুন্দ্ৰাত ক'ভিড ৰোগীৰ বাবে ৩০ খন বিচনা সাজু কৰা হৈছে আৰু ইয়াৰে ১৫ খন ইতিমধ্যে ৰোগীৰে ভৰি পৰিছে বুলিও তেওঁ কয় । সমান্তৰালভাৱে ব্যৱস্থা কৰা হৈছে আই চি ইউৰো ।
কোভিড চিকিৎসাৰ বাবে সাজু গুৱাহাটীৰ ব্যক্তিগত হাস্পতাল
আনহাতে, ব্যক্তিগত হাস্পতালত যে কোভিডৰ চিকিৎসা অতি ব্যয়বহুল হব সেই কথা নতুনকৈ কোৱাৰ প্ৰয়োজন নাই । প্ৰাপ্ত তথ্য মতে কোনো কোভিড ৰোগী যদি এই হাস্পতালসমূহৰ ভিতৰত কোনোবা এখনৰ জেনেৰেল ৱাৰ্ডত ভৰ্তি হয় তেন্তে তেওঁৰ দৈনিক ব্যয় হব ন্যূনতম ৭ হাজাৰ টকাৰ পৰা ৯ হাজাৰ টকা । ইয়াৰ ভিতৰত থাকিব বিচনাৰ খৰছ এহেজাৰ টকা, কনচালটেশ্বন ফিজ ২০০০ ৰ পৰা ২৫০০ টকা, নাৰ্ছিং ফিজ ৭০০ ৰ পৰা এহেজাৰ টকা, বায়' মেডিকেল ৱেষ্ট মেনেজমেণ্টৰ বাবে এহেজাৰ টকা, পঞ্জীয়ন মাচুল এহেজাৰ টকা, খাদ্যৰ বাবে ৫০০ টকা আদি । যদি ৰোগীক অক্সিজেন দিব লগীয়া হয় তেন্তে প্ৰতি ঘন্টাত যোগ হব এশ টকাকৈ । এয়া জেনেৰেল ৱাৰ্ডৰহে এদিনৰ হিচাপ । ইয়াত দৰৱৰ খৰছ ধৰা হোৱা নাই । ইয়াৰোপৰি যদি কোনো ৰোগী অকলে সুকীয়াকৈ কেবিনত থাকি চিকিৎসা লব বিচাৰে তেন্তে তেওঁৰ প্ৰতিদিনে হাস্পতালভেদে ব্যয় হব ১৩ ৰ পৰা ১৯ হাজাৰ টকা।গতিকে ব্যক্তিগত হাস্পতালত কোভিডৰ চিকিৎসা কৰোৱা আৰু কোনো তাৰকাযুক্ত হোটেলত ৰাতি কটোৱাৰ খৰচৰ মাজত যে বিশেষ তাৰতম্য নাই সেয়া স্পষ্ট ।লগতে পঢ়কঃ সমাজৰ বাবে সমৰ্পণৰ মনোভাৱঃ আদৰ্শ দেখুৱালে মৰিয়নিৰ অকনিহঁতে

ABOUT THE AUTHOR

...view details