নিউজ ডেস্ক, 1 ফেব্ৰুৱাৰী :ৰাজ্যত সোমবাৰে পুনৰ নতুনকৈ 1811 গৰাকী লোক ক’ভিডত আক্ৰান্ত হোৱাৰ বিপৰীতে মৃত্যু হৈছে 19 গৰাকী ব্যক্তি ৷ ইয়াৰ লগে লগে ৰাজ্যত ক‘ৰণাত সক্ৰিয় আক্ৰান্তৰ সংখ্যা(Covid active Cases in Assam) 7,16,406 গৰাকীলৈ আৰু মৃত্যু হোৱা লোকৰ সংখ্যা 6,461 গৰাকীলৈ বৃদ্ধি পাইছে ৷ বৰ্তমান আক্ৰান্ত হৈ আছে 20,627 গৰাকী লোক ৷ পজিটিভিটি হাৰ হৈছে 4.66% ৷
বিগত সপ্তাহত কামৰূপ মহানগৰীত সৰ্বাধিক 389 গৰাকী লোকৰ দেহত ধৰা পৰে ক’ভিডৰ অৱস্থিতি ৷ ইয়াৰ পাছতেই ক্ৰমে গোলাগাটত 106 গৰাকী, লখিমপুৰত 93 গৰাকী, আৰু কামৰূপ গ্ৰাম্যত 75 গৰাকী লোকৰ দেহত ধৰা পৰে ক’ভিডৰ অৱস্থিতি ৷ আনহাতে, বাক্সা, বৰপেটা, ধেমাজি, ধুবুৰী, কামৰূপ, মাজুলী, ওদালগুৰিত এগৰাকীকৈ, তিনিচুকীয়া, কাছাৰ, দৰঙত দুগৰাকীকৈ, ডিব্ৰুগড়, যোৰহাটত তিনিগৰাকীকৈ লোকৰ মৃত্যু হয় ক’ভিডত ৷