নিউজ ডেস্ক, 30 জানুৱাৰী : ৰাজ্যত শনিবাৰে পুনৰ নতুনকৈ 2,294 গৰাকী লোকৰ দেহত ধৰা পৰিছে ক’ভিড 19ৰ অৱস্থিতি ৷ আনহাতে মৃত্যু হয় 22 জন লোকৰ ৷ ইয়াৰ লগে লগে ৰাজ্যত ক‘ৰণাত সক্ৰিয় আক্ৰান্তৰ সংখ্যা(Covid active Cases in Assam) 7,13,685 গৰাকীলৈ আৰু মৃত্যু হোৱা লোকৰ সংখ্যা 6,422 গৰাকীলৈ বৃদ্ধি পাইছে(Covid death toll in Assam) ৷ বৰ্তমান সংক্ৰিয় হৈ আছে 28,788 টা ঘটনা ৷ পজিটিভিটি হাৰ হৈছে 6.41 ৷
কামৰূপ মহানগৰীত সৰ্বাধিক 535 গৰাকী লোকৰ দেহত ধৰা পৰে ক’ৰণাৰ অৱস্থিতি ৷ ইয়াৰ পাছতেই ক্ৰমে লখিমপুৰত 143 গৰাকী, দৰঙত 113 গৰাকী আৰু যোৰহাটত 100 গৰাকী লোকৰ দেহত ধৰা পৰে ক’ভিডৰ অৱস্থিতি ৷ আনহাতে, কামৰূপ মহানগৰত 5 গৰাকী, শিৱসাগৰত 3 গৰাকী, বাক্সা, কাছাৰ, কৰিমগঞ্জত 2 গৰাকীকৈ আৰু চৰাইদেউ, গোৱালপাৰা, যোৰহাট, ওদালগুৰিত 3 গৰাকী, বিশ্বনাথ, দৰং, কামৰূপ গ্ৰাম্য, কাৰ্বি আংলং আৰু কোকৰাঝাৰত এজনকৈ লোকৰ মৃত্যু হয় ক’ভিডত ৷