নিউজ ডেক্স,13 অক্টোবৰ:ৰাজ্যত ক্ৰমাৎ সুস্থিৰ দিশলৈ আগবাঢ়িছে কৰ’ণাৰ সংক্ৰমণ ৷ হ্ৰাস হৈছে ক’ভিড 19 ত আক্ৰান্ত ৰোগীৰ সংখ্যা ৷ মঙলবাৰৰ দিনটোলৈকে ৰাজ্যত কৰ’ণাত আক্ৰান্ত হৈছে 1,95,304 গৰাকী ব্যক্তি ৷ ইয়াৰ বিপৰীতে মৃত্যুবৰণ কৰিছে 826 গৰাকীয়ে ৷ আক্ৰান্তসকলৰ ভিতৰত 1,64,579 গৰাকী ব্যক্তিয়ে ভাইৰাছবিধৰ পৰা আৰোগ্য লাভ কৰে ৷
ৰাজ্যত কৰ’ণাত মৃত্যুৰ সংখ্যা বৃদ্ধি 826 গৰাকীলৈ
মঙলবাৰৰ দিনটোলৈকে ৰাজ্যত কৰ’ণা ভাইৰাছত আক্ৰান্ত হৈছে 1,95,304 গৰাকী ব্যক্তি ৷ ইয়াৰ বিপৰীতে মৃত্যুবৰণ কৰিছে 826 গৰাকীয়ে ৷ আক্ৰান্তসকলৰ ভিতৰত 1,64,579 গৰাকী ব্যক্তিয়ে ভাইৰাছবিধৰ পৰা আৰোগ্য লাভ কৰে ৷
কৰ’ণা ভাইৰাছ
সোমবাৰৰ দিনটোত ৰাজ্যত নতুনকৈ 1,521 গৰাকী ব্যক্তি কৰ’ণাত আক্ৰান্ত হোৱাৰ বিপৰীতে 10 গৰাকী ব্যক্তিয়ে প্ৰাণ হেৰুৱায় ৷ উল্লেখনীয় যে, আক্ৰান্তৰ হাৰ হ্ৰাস হৈছে 1.41 শতাংশলৈ ৷ বিগত 24 ঘণ্টাত 1,07,900 গৰাকী ব্যক্তিৰ নমুনা সংগ্ৰহ কৰি পৰীক্ষা সম্পূৰ্ণ কৰা হৈছে ৷
লগতে চাওকঃআইপিএল-2020ৰ পৰা বাহিৰ ঈশান্ত শৰ্মা
Last Updated : Oct 13, 2020, 9:49 AM IST