অসম

assam

ETV Bharat / state

কৰ'ণা ভাইৰাছত আক্রান্ত বৰক্ষেত্ৰীত বিজেপি বিধায়ক - বৰক্ষেত্ৰীৰ বিজেপি বিধায়ক নাৰায়ণ ডেকা

কৰ'ণা ভাইৰাছৰ প্ৰথমটো টেষ্টত নাৰায়ণ ডেকাৰ ফলাফল পজিটিভ ধৰা পৰিছে। গুৱাহাটীৰ বিধায়ক অৱাসত থকা বিধায়ক গৰাকী ৰেণ্ডম টেষ্টত পজিটিভ ধৰা পৰাৰ কথা জানিব পৰা গৈছে ।

covid-19 positive found mla narayan deka baorkhatri constituency
কৰ'ণা ভাইৰাছত আক্রান্ত বৰক্ষেত্ৰীত বিজেপি বিধায়ক

By

Published : Jul 1, 2020, 10:04 PM IST

গুৱাহাটী,1জুলাইঃৰাজ্যত পুনৰ এজন বিধায়ক আক্রান্ত হ'ল কৰ'ণা ভাইৰাছত। বৰক্ষেত্ৰীৰ বিজেপি বিধায়ক নাৰায়ণ ডেকা আক্রান্ত হৈছে কৰ'ণা ভাইৰাছত। কৰ'ণা ভাইৰাছৰ প্ৰথমটো টেষ্টত ফলাফল পজিটিভ ওলাইছে নাৰায়ণ ডেকাৰ। গুৱাহাটীৰ বিধায়ক অৱাসত থকা বিধায়ক গৰাকী ৰেণ্ডম টেষ্টত পজিটিভ ধৰা পৰা বুলি জানিব পৰা গৈছে । নাৰায়ণ ডেকাৰ পূৰ্বে পাথৰকান্দিৰ বিধায়ক কৃষ্ণেন্দু পাল কৰ'ণা ভাইৰাছত আক্রান্ত হৈছিল উল্লেখযোগ্য যে ৰাজ্যত দ্ৱিতীয় জন বিধায়ক আক্ৰান্ত হোৱাৰ খবৰে চাঞ্চল্যই বিৰাজ কৰিছে ৰাজ্যখনত ।

কৰ'ণা ভাইৰাছত আক্রান্ত বৰক্ষেত্ৰীত বিজেপি বিধায়ক

ইপিনে বুধৰাৰৰ দিনটোৰ বৰ্তমানলৈকে গুৱাহাটীত ১২২ গৰাকী লোক আক্রান্ত হৈছে কৰ'ণা ভাইৰাছত। আক্রান্ত লোক সকলৰ ভিতৰত আছে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ ১১ গৰাকী চিকিৎসা কর্মী । চিকিৎসা মহাবিদ্যালয়খনৰ মাইক্ৰ'বায়'লজি লে'বৰ ১১ গৰাকী চিকিৎসা কর্মী কৰ'ণা ভাইৰাছত আক্রান্ত হোৱাত লেবটো বন্ধ কৰি দিয়া হৈছে বুলি জানিব পৰা গৈছে ।

লগতে পঢ়কঃ শিলঘাটৰ অসম সমবায় মৰাপাট কলৰ শ্ৰমিকক আক্ৰমণ

ABOUT THE AUTHOR

...view details