অসম

assam

ETV Bharat / state

অসমত ব্যাপক হাৰত বৃ্দ্ধি পাইছে কোভিড-19 আক্ৰান্তৰ সংখ্যা

বৰ্তমানলৈকে অসমত কোভিড-19ত আক্ৰান্ত হৈছে 13,336 গৰাকী ৷ মঙলবাৰৰ দিনটোত ৰাজ্যত ধৰা পৰিছে 814 গৰাকী কোভিড-19 আক্ৰান্ত ৰোগী ৷

By

Published : Jul 8, 2020, 5:15 AM IST

assam total covid 19 update
assam total covid 19 update

নিউজ ডেস্ক, 7 জুলাই : ব্যাপক হাৰত অসমত বৃদ্ধি পাইছে কোভিড-19 আক্ৰান্তৰ সংখ্যা ৷ কোনো কোনো স্থানত কৰ'ণাৰ গণ সংক্ৰমণ হোৱাৰে সন্দেহ প্ৰকাশ কৰা হৈছে ৷ মঙলবাৰৰ দিনটোত ৰাজ্যত ধৰা পৰিছে 814 গৰাকী কোভিড-19 আক্ৰান্ত ৰোগী ৷ ইয়াৰে 588 গৰাকীয়েই গুৱাহাটী মহানগৰীৰ ৷

বৰ্তমানলৈকে অসমত কোভিড-19ত আক্ৰান্ত হৈছে 13,336 গৰাকী ৷ ইয়াৰে 8,329 গৰাকীয়ে ইতিমধ্যে আৰোগ্য লাভ কৰাৰ বিপৰীতে 4,988 গৰাকী বৰ্তমানেও চিকিৎসাধীন হৈ আছে ৷ আনহাতে, ৰাজ্যখনত কোভিড-19 আক্ৰান্ত হৈ মৃত্যু মুখত পৰিছে 16 গৰাকী ৷

স্বাস্থ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই জনোৱা মতে বৰ্তমানলৈকে অসমত মুঠ 4 লাভ 85 হাজাৰ 156 গৰাকী লোকক পৰীক্ষা সম্পন্ন কৰা হৈছে ৷ মংগলবাৰৰ দিনটোত মুঠ 447 গৰাকী ৰোগীক চিকিৎসাৰ অন্তত চিকিৎসালয়ৰ পৰা অব্যাহতি দিয়া হয় ৷

লগতে পঢ়ক : বান আৰু গৰাখহনীয়াৰ স্থায়ী সমাধান বিচাৰি গণ আন্দোলনৰ হুংকাৰ আছুৰ

ABOUT THE AUTHOR

...view details