অসম

assam

ETV Bharat / state

ভয়ংকৰ পৰিস্থিতিৰ দিশে আগবাঢ়িছে নেকি অসম ! - স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

অসমত একেদিনেই ধৰা পৰিল 39 জনকৈ কোভিড-19, ৰাজ্যৰ স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সকলোকে নীতি নিৰ্দেশনা মানি চলিবলৈ হাতযোৰ কৰি আহ্বান জনায় ৷

covid-19 positive cases one day increase 39 assam
ভয়ংকৰ পৰিস্থিতিৰ দিশে আগবাঢ়িছে নেকি অসম !

By

Published : May 20, 2020, 4:31 PM IST

গুৱাহাটী, 20মেঃ কৰ‘ণা মহামাৰী দেশত চিন্তনীয়ভাৱে বৃদ্ধিৰ সময়তে অসমতো তাৰ একেই প্ৰভাৱ পৰা দেখা গৈছে । ৰাজ‍্যখনত মঙলবাৰৰ দিনটোত সন্ধিয়া ৮ বজালৈকে ৩৯ গৰাকী লোক কোভিড-১৯ আক্ৰান্ত হোৱাৰ খবৰ আহিছে । মঙলবাৰৰ দিনটোত গুৱাহাটী মহানগৰী, যোৰহাট, গোলাঘাট, নগাওঁ, কোকৰাঝাৰ, হোজাই, বিশ্বনাথ চাৰিআলি, নলবাৰী জিলাত বহুকেইটা পজিটিভ ঘটনা পোৱা গৈছে ।

মঙলবাৰে ৰাতিপুৱা আধা ঘন্টাৰ ভিতৰতে ২০টা পজিটিভ ঘটনা পোৱা গৈছিল সমগ্ৰ অসমতে । য'ত প্ৰথম অৱস্থাত ৬জন লোকৰ দেহত কোভিড-১৯ পজিটিভ ধৰা পৰিছিল । তেওঁলোক আছিল যোৰহাট আৰু গোলাঘাটৰ দুজন, এজন কোকৰাঝাৰৰ আৰু এজন নগাঁৱৰ । আকৌ তাৰ কিছু সময়ৰ পাছতে ১৪জন লোকৰ দেহত কোভিড-১৯ পজিটিভ ধৰা পৰাৰ খবৰ আহিল । ইয়াৰ ভিতৰত ৭জন কামৰূপৰ, দুজন হোজাইৰ, দুজন বিশ্বনাথৰ, এজন নগাঁৱৰ আৰু দুজন নলবাৰীৰ । এনে অৱস্থাত আক্ৰান্তৰ সংখ্যা বৃদ্ধি পালে ১৩৫ জনলৈ ।

পিছবেলা পুনৰ ৬ জনৰ দেহত কোভিড-১৯ পজিটিভ পোৱা গ'ল য'ত গুৱাহাটীত আক্ৰান্ত হোৱা তিনিজনৰ ভিতৰত দুজন শেহতীয়াকৈ জিএমচিএইচত মৃত্যু হোৱা এজন কেঞ্চাৰ ৰোগীৰ পত্নী আৰু কন্যা আছিল । আনহাতে, দুজন আক্ৰান্ত লোক কৰিমগঞ্জৰ আৰু এজন সৰুসজাই কোৱাৰেণ্টাইন চেণ্টাৰত থকা লোক ।

পৰৱৰ্তী সময়ত আক্ৰান্তৰ সংখ্যা বৃদ্ধি পালে ১৪১ জনলৈ । ইপিনে সন্ধিয়াৰ ভাগত পুনৰ ১৩ জনৰ দেহত কোভিড-১৯ পজিটিভ ধৰা পৰাত । আক্ৰান্তৰ সংখ্যা বৃদ্ধি পাই হলগৈ ১৫৪ জনলৈ এনেদৰে ৰাজ‍্যত একেটা দিনতে ৩৯টাকৈ কোভিড-১৯ পজিটিভ ঘটনা পোৱা গ'ল ৷ আনহাতে ৰাজ্যৰ শেহতীয়া পৰিস্থিতিক লৈ এতিয়া উদ্বিগ্ন হৈ পৰিছে ৰাজ্যৰ স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা । মন্ত্ৰী শৰ্মাই ৰাজ্যৰ এনে জটিল সন্ধিক্ষণত সকলোকে সামাজিক দূৰত্ব বৰ্তাই ৰাখি ঘৰতে থাকিবলৈ হাতযোৰ কৰি আহ্বান জনাইছে । মন্ত্ৰীগৰাকীয়ে এতিয়া কৰ'ণা ভাইৰাছক প্ৰতিৰোধ কৰিবলৈ দিনে নিশাই বিভিন্ন চিকিত্‍সালয়, কোৱাৰেণ্টাইন চেণ্টাৰলৈ গৈ সকলো কাম-কাজ তদাৰক কৰা পৰিলক্ষিত হৈছে ।

লগতে পঢ়কঃ কৰিমগঞ্জৰ সুতাৰকান্দি বন্দৰত উত্তেজনা

ABOUT THE AUTHOR

...view details