অসম

assam

ৰাজপথত মানৱতাৰ জয়গান

By

Published : May 23, 2021, 7:26 PM IST

ক্ষুধা নিবাৰণৰ বাবে ৰাজপথত খাদ্যৰ যোগান । দৈনিক বহু লোকৰবাবে ভোকৰ এসাঁজ। ১১ বজাতে দোকান-পোহাৰ বন্ধ হৈ যোৱ‍াৰ পৰিপ্ৰেক্ষিতত পকেটত পইচা থাকিও ভোকৰ ভাত মুঠি পাবলৈ সক্ষম নোহোৱা বহু লোক উপকৃত হৈছে।

ৰাজপথত মানৱতাৰ জয়গান
ৰাজপথত মানৱতাৰ জয়গান

গুৱাহাটী, ২২ মে': এফালে মহামাৰী ক'ভিডৰ আতংক আৰু আনফালে কঠোৰ আৰক্ষী-প্ৰশাসন । দিনৰ ১১ বজাৰ পৰা বন্ধ ব্যৱসায়-বাণিজ্য আৰু ১২ বজাৰ পৰা কঠোৰ সান্ধ্য আইন । ইয়াৰ মাজত স্তব্ধ হৈ পৰিছে জনজীৱন । এই অস্বাভাৱিক পৰিস্থিতিৰ মাজত দৈনিক কৰ্ম নকৰিলে জীৱনৰ গতি স্থবিৰ হৈ পৰা লোকসকলৰ বাবে জীয়াই থকাটোৱেই কঠিন হৈ পৰিছে । দুবেলা দুমুঠিৰ বাবে কঠোৰ সংগ্ৰাম কৰা ৰাজ্যৰ লাখ লাখ লোকৰ এতিয়া পানীত হাঁহ নচৰাৰ অৱস্থা ।

বিশেষকৈ কৰ্মৰ বাবে গুৱাহাটী মহানগৰীত আশ্ৰয় লোৱা লাখ লাখ শ্ৰমজীৱি লোকৰ এতিয়া হাহাকাৰ পৰিস্থিতি । সেয়া দিন হাজিৰা কৰা লোকেই হওক বা অ'টৰিক্সা-ঠেলা-ৰিক্সা চলোৱা লোক নাইবা পদপথৰ ক্ষুদ্ৰ ব্যৱসায়ী । সকলো এতিয়া প্ৰায় কৰ্মহীন ।

দুবেলা দুমুঠিৰ যোগাৰ কৰাৰ বাবে এতিয়া সেইসকল লোকে এতিয়া হাহাকাৰ কৰিবলগীয়া হৈছে । চৰকাৰেও সেই সাধাৰণ মানুহখিনিৰ কথা চিন্তা কৰা নাই । কি দৰে চলিব তেওঁলোকৰ সংসাৰ । পেঠৰ ক্ষুধা নিবাৰণৰ বাবে বহুতে ৰাজপথত অনাই-বনাই ঘূৰি ফুৰাৰ লগতে বহুতে ভিক্ষা খুজিবলৈ বাধ্য হৈছে ।

ৰাজপথত মানৱতাৰ জয়গান

চৰকাৰে চিন্তা নকৰিলেও এনে লোকসকলৰ ক্ষুধা নিবাৰণৰ বাবে আগবাঢ়ি আহিছে বহু সংগঠন, অনুষ্ঠান-প্ৰতিষ্ঠান আৰু ব্যক্তি বিশেষ । গুৱাহাটীৰ ৰাজপথত তথা বিভিন্ন অঞ্চলত আৰ্তজনক বিশেষকৈ ভোকত থকাসকলক খাদ্যৰ যোগান ধৰিবলৈ আগবাঢ়ি আহিছে লায়ন্স ক্লাৱ।

দুপৰীয়া আৰু নিশাৰ আহাৰ যোগান ধৰাৰ বাবে বাহন লৈ গুৱাহাটীৰ ৰাজপথৰ বিভিন্ন স্থানত অৱস্থান কৰিছে । তদুপৰি বিভিন্ন স্থানত শিবিৰ স্থাপন কৰিছে । য'ত হাজাৰ হাজাৰ লোকে নিজৰ ক্ষুধা নিবাৰণ কৰিবলৈ সক্ষম হৈছে । বাহনত সংযুক্ত কৰা হৈছে ৰুটী বনোৱা মেছিন । যি মেছিনৰ দ্বাৰা ঘণ্টাত এহাজাৰখন ৰুটী বনাই লগে লগে যোগান ধৰা হৈছে । লায়ন্স ক্লাৱৰ এই ব্যৱস্থাৰ যোগেদি দৈনিক বহু লোকে ভোকৰ এসাঁজ পাবলৈ সক্ষম হৈছে।

ৰাজপথত মানৱতাৰ জয়গান

ইয়াৰ দ্বাৰা কেৱল দৰিদ্ৰজনেই যে উপকৃত হৈছে তেনে নহয় । ১১ বজাতে দোকান-পোহাৰ বন্ধ হৈ যোৱ‍াৰ পৰিপ্ৰেক্ষিতত পকেটত পইচা থাকিও ভোকৰ ভাতমুঠি পাবলৈ সক্ষম নোহোৱা বহু লোক উপকৃত হৈছে। আনকি ৰাজপথত কৰ্তব্য পালন কৰা আৰক্ষীৰ লোকেও খাদ্য গ্ৰহণ কৰা পৰিলক্ষিত হৈছে ।

সেইদৰে চিকিৎসাৰ বাবে ৰোগী লৈ অহা অভিভাৱকসকলো এনে শিবিৰ তথা ৰাজপথত যোগান ধৰা খাদ্যৰ দ্বাৰা উপকৃত হৈছে । আনহাতে, লায়ন্স ক্লাৱৰ যোগেদি কন্টেইনমেণ্ট জ'নত থকা তথা হোম আইছ'লেশ্যনত থকা লোকসকলকৰ বাবেও খাদ্যৰ যোগান ধৰি অহা হৈছে । ইয়াৰ বাবে তেওঁলোকে দিছে ফোন নম্বৰ । ফোনে যোগে যোগাযোগ কৰা আৰ্তজনকো তেওঁলোকে সহায় আগবঢ়াই আহিছে । বিপদৰ এই সময়ত ৰাজপথত দেখিবলৈ পোৱা গৈছে মানৱতাৰ জয়গান।

উল্লেখ্য যে, লায়ন্স ক্লাৱৰ দৰে বহু সংগঠন, অনুষ্ঠান-প্ৰতিষ্ঠান তথা ব্যক্তি বিশেষে এনেদৰেই নিৰৱে আৰ্তজনৰ বাবে সহায়ৰ হাত আগবঢ়াই আহিছে ।

লগতে পঢ়ক: হুৰহুৰকৈ ওলাই গৈছে ৰাজকোষৰ ধনঃ সাহাৰ্য বিচাৰি বিজ্ঞাপন মুখ্যমন্ত্ৰীৰ

ABOUT THE AUTHOR

...view details