গুৱাহাটী, 14 মে'ঃ মাতৃৰ মমতাই নামানে কোনো নিয়ম। এই সীমাহীন স্নেহ আৰু দায়বদ্ধতাই আজি যুঁজ দিবলৈ সাজু বিশ্ব ত্ৰাস মাৰিমৰক কভিড 19ৰ বিৰূদ্ধে । হৃদযন্ত্ৰৰ এক জটিল অস্ত্ৰোপচাৰৰ পিছত কৰনা আক্ৰান্ত হোৱা এগৰাকী তেৰ বছৰীয়া কিশোৰীক হাস্পতালৰ বিছনাত অকলে থাকিবলৈ নিদিয়ে তেওঁৰ মমতাময়ী মাতৃয়ে । মুম্বাইৰ পৰা আহি কালি গুৱাহাটীত উপস্থিত হোৱা কিশোৰী গৰাকীৰ দেহত আজি COVID-19 ৰ উপস্থিতি ধৰা পৰাৰ পিছত স্বাভাবিকতেই সংকটত পৰে মাতৃ গৰাকী । এই বিপদৰ সময়ত অসুস্থ কন্যাক কোনোপধ্যই অকলে থাকিব নিদিয়ে মাতৃ গৰাকীয়ে । আৰু তেওঁৰ একান্ত অনুৰোধক্ৰমে স্বাস্থ্য বিভাগেও মাতৃ গৰাকীক কন্যা ৰ লগতে থাকিবলৈ অনুমতি দিবলৈ বাধ্য হ'ল । উল্লেখযোগ্য যে, আজি সন্ধিয়া এক সংবাদ মেল সম্বোধন কৰাৰ সময়ত এই কথা সাংবাদিকক জানিবলৈ দিয়ে স্বাস্থ্য মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই।
মাতৃৰ মমতাঃ COVID-19 পজিটিভ সন্তানৰ সৈতে থাকিব মাতৃ - ASSAM COVID POSITIVE
এই বিপদৰ সময়ত অসুস্থ কন্যাক কোনোপধ্যই অকলে থাকিব নিদিয়ে মাতৃ গৰাকীয়ে । আৰু তেওঁৰ একান্ত অনুৰোধক্ৰমে স্বাস্থ্য বিভাগেও মাতৃ গৰাকীক কন্যা ৰ লগতে থাকিবলৈ অনুমতি দিবলৈ বাধ্য হ'ল ।
বৰ্তমান লৈকে মুঠ দেশৰ বিভিন্ন স্থানৰ পৰা ৪৬৯০ গৰাকী ব্যক্তি অসমত উপস্থিত হৈছেহি আৰু উত্তৰ পূবৰ পৰা ৬৪১২ গৰাকী ব্যক্তি আহিছে । আজি দিল্লীৰ পৰা ডিব্ৰুগড়লৈ আহি থকা ২১৯ গৰাকী যাত্ৰী অসম পাবহি ৷ সামান্তৰালকৈ কৃষক শ্ৰমিক এক্সপ্ৰেছত ৬২৫ গৰাকী যাত্ৰী অসম পাবহি । অসমত এতিয়ালৈকে কভিড পজিটিভ ৰোগী ৪০ গৰাকী আৰোগ্য হোৱাৰ বিপৰীতে ৪৩ গৰাকীৰ চিকিৎসা চলি আছে আৰু ২ গৰাকীৰ মৃত্যু হৈছে ।
মাচুল দি কোৱাৰেন্টাইনত থকা সুবিধাটো এতিয়াৰে পৰা বন্ধ ৰখা হ'ব । এতিয়াৰে কোৱাৰেন্টাইনৰ সকলো খৰচ চৰকাৰে বহন কৰিব । যিসকল যাত্ৰী ৭৫ উৰ্ধৰ আৰু ১০ বছৰৰ তলৰ তেওঁলোকক লক্ষণ দেখা নাপালে ঘৰতে কোৱাৰেন্টাইন কৰা হ'ব ।
বাহিৰৰ পৰা অহা যাত্ৰী অসুস্থ হোৱা দেখা পালে লগে-লগে আইচলেচনত ভৰ্তি কৰা হ'ব । ইয়াৰ বাহিৰও ট্ৰেইনেৰে অহা যাত্ৰী সকলক শৃংখলিত কৰিবলৈ নতুন আঁচনি যুগুতাইছে অসম চৰকাৰে । ইয়াৰ ওপৰিও এতিয়াৰ পৰা স্কুল, কলেজৰ পৰিবৰ্তে জিলা সমূহৰ হোটেলত কোৱাৰেন্টাইন কৰা হ'ব ।