গুৱাহাটী,5জুলাইঃগুৱাহাটীতো অভাৱনীয় হাৰত কৰ'ণা ৰোগী বৃদ্ধি পোৱাত অতি দুৰ্বিসহ হৈ পৰিছে গুৱাহাটীৰ পদপথবাসীৰ জীৱন ৷ মহানগৰীৰ শুক্লেশ্বৰ মন্দিৰৰ সমীপত এতিয়া এমুঠি খাদ্যৰ বাবে হাহাকাৰ এইসকল গৃহহীনৰ ৷ ধৰ্মীয় অনুষ্ঠান, অন্যান্য সকলো ৰাজহুৱা ঠাই বন্ধ থকাৰ ফলত কোনো লোক ঘৰৰ পৰা ওলাই আহিব পৰা নাই ৷ ফলত খাদ্যৰ অভাৱত হাহাকাৰ কৰিছে এওঁলোকে ৷ এনেদেৰে ভোকত ফুটপাথতে চটফটাই শুই আছে বহুজনে ৷
লক্ ডাউনত বিপন্ন পদপথবাসীৰ জীৱন - পদপথবাসী
কৰ'ণাই জুৰুলা কৰিছে পদপথবাসীক ৷ ফুটপাথত অনিদ্ৰাৰে অনাহাৰে দিন-কটাইছে জীৱশ্ৰেষ্ঠই ৷ এই সময়ছোৱাত ব্যাপক খাদ্য সংকটৰ সন্মুখীন হৈছে গৃহহীন লোকসকল ৷
বহুলোকে মহানগৰীত থকা গৃহহীন লোকসকলক খাদ্য প্ৰস্তুত কৰি যোগান ধৰে ৷ কিন্ত লক্ ডাউনৰ বাবে এতিয়া অসহায় সেই সকল লোকো ৷ সেয়ে এতিয়া অনাহাৰে অনিদ্ৰাই দিন কটাইছে এইসকল লোকে ৷ অৱশ্যে ইয়াৰ মাজতে বিভিন্ন স্থানত গৃহহীন লোকক সহায় কৰিবৰ বাবে আগবাঢ়ি আহিছে সমাজ কল্যাণ বিভাগ ৷ বৰ্তমান সময়ত সমাজ কল্যাণ বিভাগে কিছু পদক্ষেপ গ্ৰহণ কৰিছে বুলি জানিবলৈ দিছে ৷ কিন্তু এই মৌলিক সুবিধাখিনিৰ পৰা বঞ্চিত হৈ ৰৈছে বহু গৃহহীন লোক ৷ চৰকাৰ তথা সমাজ কল্যাণ বিভাগৰ কোনো আঁচনিয়ে ঢুকি পোৱা নাই এওঁলোকক ৷
লগতে পঢ়কঃবিশ্ববিদ্যালয়ক লক্ষ্য কৰি অশ্লীল মন্তব্য নকৰিবঃ আছু