অসম

assam

ETV Bharat / state

ফাঁচীবজাৰত নাই ফাকুৱাৰ উচাহ ! - COVID-19

আন বছৰৰ দৰে এইবাৰ ৰঙৰ উৎসৱ ফাকুৱাৰ বাবে উলাহ পৰিলক্ষিত হোৱা নাই ৰাজ্যবাসীৰ মাজত । বৰ্তমান COVID-19 ৰ আতংকই শ'ল ঠেকত পেলাইছে ৰাজ্যবাসীক । মহানগৰীৰ ফাঁচীবজাৰতো দেখা গ'ল COVID-19 ৰ প্ৰভাৱ । ৰঙৰ বাবে গ্ৰাহকৰ ভিৰ নাই ফাঁচীবজাৰত ।

ফাঁচীবজাৰত নাই ফাকুৱাৰ উচাহ
ফাঁচীবজাৰত নাই ফাকুৱাৰ উচাহ

By

Published : Mar 7, 2020, 5:25 PM IST

গুৱাহাটী, 7 মাৰ্চ :এতিয়াফাগুন মাহ আৰু এই মাহতেই প্ৰতি বছৰে উৎযাপন কৰা হয় ৰঙৰ উৎসৱ ফাকুৱা । পৰম্পৰা, ৰীতি-নীতি পালনৰ লগতে এজনে আনজনক আনন্দেৰে আবিৰ সনাৰ উৎসৱ এয়া । আন বছৰৰ দৰে এইবাৰ ৰঙৰ উৎসৱ ফাকুৱাৰ বাবে উলাহ পৰিলক্ষিত হোৱা নাই ৰাজ্যবাসীৰ মাজত । বৰ্তমান COVID-19ৰ আতংকই শ'ল ঠেকত পেলাইছে ৰাজ্যবাসীক । ৰাজ্যবাসীয়ে ফাকুৱাৰ বাবে প্ৰস্তুতি চলাইছে যদিও ক'ৰবাত যেন তেওঁলোকে শংকাত ভুগিছে পৰিয়ালৰ বাবে। মহানগৰীৰ ফাঁচীবজাৰতো দেখা গ'ল COVID-19 ৰ প্ৰভাৱ । ৰঙৰ বাবে গ্ৰাহকৰ ভিৰ নাই ফাঁচীবজাৰত । দুই এজনে কিনিছে যদিও পৰম্পৰা ৰক্ষাৰ খাতিৰত থলুৱা ৰঙৰ গুড়ি বিচাৰি চলাথ কৰিছে মহানগৰী।

বিগত বৰ্ষৰ দৰে চীনৰ সামগ্ৰীৰে ভৰি থকা নাই মহানগৰীৰ ফাকুৱাৰ বজাৰ। মহানগৰীৰ বজাৰত চীনৰ সামগ্ৰী নহয় ফাকুৱাৰ বাবে বিক্রেতা সকলে যোগান ধৰিছে থলুৱা ফাকুৰ গুড়ি। বিক্রেতা সকলে জানিবলৈ দিয়া অনুসৰি ফাকুৰ দাম বৃদ্ধি পোৱাৰ লগতে এইবাৰ চীনৰ কোনো ধৰণৰ সামগ্ৰী বিক্ৰী কৰা নাই ব্যৱসায়ী সকলে। লগতে আন বছৰৰ দৰে এইবাৰ গ্ৰাহকৰ সংখ্যাও কম হোৱা বুলি জানিবলৈ দিয়ে ।

ফাঁচীবজাৰত নাই ফাকুৱাৰ উচাহ

ফাঁচীবজাৰত ৰঙৰ গুড়িৰে গ্ৰাহকক আকৃষ্ট কৰিব বাবে ৰঙা ,নীলা ,হালধীয়া গুড়িৰ এক পোহাৰ মেলিছে বিক্ৰেতাই । কিন্তু হ'লেও গ্ৰাহকৰ সংখ্যা আন বছৰৰ দৰে নহয়। গ্ৰাহকৰো এটাই ভয় যে পৰম্পৰা ৰক্ষাৰ খাতিৰত ফাকুৱা খেলিবলৈ ৰং কিনিব যদিও ক'ৰণা ভাইৰাছৰ ভয় এটা আছে তেওঁলোকৰ। সেইবাবে চীনৰ পৰা অহা কোনো সামগ্ৰী ক্ৰয় নকৰাৰ বিপৰীতে থলুৱা ৰঙৰ গুড়িৰে পালন কৰিব ফাকুৱা উৎসৱ ৷

দেশত ক'ৰণা ভাইৰাছ অথবা COVID-19ৰ আতংকৰ মাজত এতিয়া এনেদৰে ৰঙৰ উৎসৱ ফাকুৱাৰ বাবে ৰাজ্যবাসী সাজু । নিজৰ লগতে পৰিয়ালৰ সুৰক্ষাৰ বাবে ৰাজ্যবাসীয়ে এই উৎসৱ পালন কৰিছে যদিও থলুৱা ৰঙৰ গুড়ি কিনাৰ ক্ষেত্ৰত অধিক গুৰুত্ব প্ৰদান কৰিছে । বজাৰত উপলব্ধ যিকোনো ধৰণৰ ৰং কিনাৰ ক্ষেত্ৰত এতিয়া সচেতন অসমৰ প্ৰতিজন সচেতন লোক যাৰ বাবে এতিয়া এইদৰে ফাঁচীবজাৰৰ ৰঙৰ ব্যৱসায়ত প্ৰভাৱ পৰিছে ।

লগতে পঢ়ক :

149 বছৰ ধৰি চলি অহা এখন ঐতিহাসিক প্ৰতিযোগিতা

ABOUT THE AUTHOR

...view details