নিউজ ডেস্ক, 21 জুনঃ#unlock-1 ৰ সময়তেই অসমত দ্ৰুতভাৱে বৃদ্ধি পাবলৈ লৈছে কৰ'ণা ভাইৰাছৰ সংক্ৰমণ ৷ শনিবাৰে নিশাও 249 গৰাকী লোকৰ দেহত ধৰা পৰে এই সংক্ৰমণ ৷ টুইট যোগে অসমৰ স্বাস্থ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই প্ৰকাশ কৰে এই কথা ৷
বৰ্তমানলৈ অসমত মুঠ আক্ৰান্তৰ সংখ্যা 5255 ৷ তাৰে ভিতৰত আৰোগ্য হৈ উঠিছে 3202 জন ৷ মৃত্যু হৈছে 9 গৰাকী লোকৰ ৷ আনহাতে সক্ৰিয় কেচ আছে 2041 টা আৰু বাহিৰত আছে 3 টা ৷ উল্লেখ্য যে, অসমত বৰ্তমান আৰোগ্য হোৱা লোকৰ শতকৰা 60.93 শতাংশ ৷