গুৱাহাটী,30অক্টোবৰঃ ৰাজ্যৰ বিভিন্ন প্ৰান্তত এন ডি আৰ এফে আৰম্ভ কৰিছে ক'ভিডৰ সজাগতা অভিযান। শুকুৰবাৰে পলাশবাৰীৰ এটা ভিতৰুৱা এলেকাত ৰাইজৰ মাজত ক’ৰণা সজাগতাৰ সৃষ্টি হকে এক অনুষ্ঠান অনুষ্ঠিত কৰে এন ডি আৰ এফ বাহিনীয়ে। ক’ৰণা কিদৰে সংক্ৰমিত হয়, ইয়াক কিদৰে ৰোধ কৰিব পৰা যায়, মাস্ক-ছেনিটাইজ ব্যৱহাৰ আদি বিষয়ৰ ওপৰত ৰাইজৰ মাজত সজাগতা সৃষ্টি কৰে।
NDRF বাহিনীৰ উদ্যোগত ক’ৰণাৰ সজাগতা অভিযান আৰম্ভ - মাস্ক বিতৰণ কৰে
ক’ৰণা কিদৰে সংক্ৰমিত হয়, ইয়াক কিদৰে ৰোধ কৰিব পৰা যায়, মাস্ক-ছেনিটাইজ ব্যৱহাৰ আদি বিষয়ৰ ওপৰত ৰাইজৰ মাজত সজাগতা সৃষ্টি কৰে এন ডি আৰ এফে।
![NDRF বাহিনীৰ উদ্যোগত ক’ৰণাৰ সজাগতা অভিযান আৰম্ভ covid-19 awareness program ndrf at guwahati](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-9372037-667-9372037-1604074290361.jpg)
NDRF বাহিনীৰ উদ্যোগত ক’ৰণাৰ সজাগতা অভিযান আৰম্ভ
তাৰোপৰি ক'ভিডৰ এই সময়চোৱাত শিশুসকলৰ ক্ষেত্ৰত ল'বলগীয়া সাৱধানতাৰ ক্ষেত্ৰত ৰাইজক বিভিন্ন পৰামৰ্শ প্ৰদান কৰে এন ডি আৰ এফে। অনুষ্ঠানত উপস্থিত থকা লোকসকলৰ মাজত মাস্ক বিতৰণ কৰে এন ডি আৰ এফৰ দলটোৱে। উল্লেখযোগ্য যে, ৰাজ্যৰ বিভিন্ন প্ৰান্তত এনে ক’ৰণা সজাগতা অভিযান চলাই যাব বুলি জানিবলৈ দিছে এন ডি আৰ এফ গুৱাহাটীৰ পৰিদৰ্শক অভিজিৎ বৰ্মাই ।
লগতে পঢ়কঃ গুৱাহাটীৰ তিনি সমষ্টিত নিজা প্ৰাৰ্থী দিব ভূমি অধিকাৰ সংগ্ৰাম সমিতিয়ে