অসম

assam

By ETV Bharat Assamese Team

Published : Sep 26, 2023, 8:43 PM IST

ETV Bharat / state

AASU Controversy: আছু নেতা দিব্যজ্যোতি মেধিৰ অব্যাহতিত স্থগিতাদেশ আদালতৰ

প্ৰাক্তন আছু নেতা দিব্যজ্যোতি মেধিক অব্যাহতি সন্দৰ্ভত আদালতৰ গুৰুত্বপূৰ্ণ নিদৰ্শনা ৷ দিব্যজ্যোতি মেধিৰ অব্যাহতিত স্থিতাৱস্থা বাহালৰ নিৰ্দেশ কামৰূপ জিলা সত্ৰ ন্যায়াধীশৰ আদালতৰ ৷ ইফালে গোচৰটো বিচৰাধীন অৱস্থাত মেধিৰ বিৰুদ্ধে সংগঠনে পৰৱৰ্তী কোনো ব্যৱস্থা ল’ব নোৱাৰিব বুলি নিৰ্দেশনা দিয়ে কামৰূপ জিলা সত্ৰ ন্যায়াধীশৰ আদালতে ৷

AASU Controversy
আছু নেতা দিব্যজ্যোতি মেধিৰ অব্যাহতিত স্থিতাৱস্থা বাহাল আদালতৰ

গুৱাহাটী, ২৬ ছেপ্টেম্বৰ: সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰাক্তন সাংগঠনিক সম্পাদক দিব্যজ্যোতি মেধিক অব্যাহতি সন্দৰ্ভত মঙলবাৰে আদালতে গুৰুত্বপূৰ্ণ নিৰ্দেশনা দিয়ে । প্ৰাক্তন সাংগঠনিক সম্পাদকজনৰ অব্যাহতিত স্থিতাৱস্থা বাহালৰ নিৰ্দেশ দিয়ে কামৰূপ জিলা সত্ৰ ন্যায়াধীশৰ আদালতে । লগতে গোচৰ বিচৰাধীন অৱস্থাত সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰাক্তন সাংগঠনিক সম্পাদক দিব্যজ্যোতি মেধিৰ বিৰুদ্ধে সংগঠনে পৰৱৰ্তী কোনো ব্যৱস্থা ল’ব নোৱাৰিব বুলি কামৰূপ জিলা সত্ৰ ন্যায়াধীশৰ আদালতৰ গুৰুত্বপূৰ্ণ নিৰ্দেশনা দিয়ে ।

মন কৰিবলগীয়া যে, যোৱা ২১ মে’ত আছুৰ অনুশাসন ভংগ কৰাৰ অভিযোগত সাংগঠনিক সম্পাদক দিব্যজ্যোতি মেধিক এবছৰৰ বাবে অব্যাহতি প্রদান কৰা হৈছিল । যোৱা ১১, ১২ আৰু ১৩ এপ্রিলত আন্তঃডিমৰীয়া আঞ্চলিক ছাত্ৰ সন্থাই সোণাপুৰ মিনি ষ্টেডিয়ামত বিহু নাচ কৰ্মশালাৰ সামৰণি অনুষ্ঠানৰ লগত সংগতি ৰাখি আয়োজন কৰা ৰঙালী বিহু আদৰণী উৎসৱত অসমৰ ৰাজ্যপালগৰাকীক অতিথি হিচাপে নিমন্ত্রণ জনাবলৈ যোৱাৰ অভিযোগত দিব্যজ্যোতি মেধিক আছুৰ নেতৃত্বই অব্যাহতি দিছিল । আছুৰ নেতৃত্বৰ এই পদক্ষেপৰ বিৰুদ্ধে দিব্যজ্যোতি মেধিয়ে আদালতৰ কাষ চাপিছিল ।

উল্লেখ্য যে অসমৰ ছাত্র সমাজক নেতৃত্ব দিয়া সদৌ অসম ছাত্ৰ সন্থাৰ একাংশ ছাত্ৰ নেতাৰ বিৰুদ্ধে আছুৰ সংবিধান ভংগ কৰি অনিয়ম সংঘটিত কৰি থকাৰ অভিযোগ তুলি বৰ্তমানৰ কেন্দ্রীয় সমিতিখন অবৈধ বুলি ঘোষণা কৰাৰ লগতে মৰিগাঁৱত অনুষ্ঠিত হ'বলগীয়া অষ্টদশ অধিবেশনৰ স্থগিতাদেশ বিচাৰি আছুৰ বিদ্ৰোহী নেতা দিব্যজ্যোতি মেধিয়ে আদালতত আন এক গোচৰ তৰিছে । অসমৰ ছাত্র সমাজক নেতৃত্ব দিয়া এচাম অ-ছাত্ৰৰ কৰালগ্ৰাসৰ পৰা সদৌ অসম ছাত্ৰ সন্থাক মুক্ত কৰি সংগঠনটোৰ সংস্কাৰ সাধনৰ উদ্দেশ্যে ন্যায়ালয়ৰ দ্বাৰস্থ হোৱাৰ কথা ব্যক্ত কৰে খোদ ছাত্ৰ নেতাজনে ৷

লগতে পঢ়ক:AASU Controversy: আছুৰ কেন্দ্ৰীয় কমিটী অবৈধ ! ন্যায়ালয়ত গোচৰ বিদ্ৰোহী ছাত্ৰ নেতাৰ

ABOUT THE AUTHOR

...view details