অসম

assam

ETV Bharat / state

Women Entry Ban in Satra : সত্ৰত মহিলাৰ প্ৰৱেশ নিষিদ্ধ কৰাক লৈ বৰপেটাৰ সত্ৰলৈ ন্যায়ালয়ৰ জাননী

বৰপেটাৰ কেবাখনো সত্ৰত নিষিদ্ধ মহিলাৰ প্ৰৱেশ ৷ এই সন্দৰ্ভত উচ্চ ন্যায়ালয়ে সত্ৰৰ লগতে ৰাজ্য চৰকাৰলৈ জাৰি কৰিছে নিৰ্দেশনা ৷ চাৰি সস্পষ্ট কৰিব লাগিব চাৰি সপ্তাহৰ ভিতৰত ৷

Women Entry Ban in Satra
সত্ৰত মহিলাৰ প্ৰৱেশ নিষিদ্ধ

By ETV Bharat Assamese Team

Published : Nov 10, 2023, 4:50 PM IST

Updated : Nov 10, 2023, 5:33 PM IST

গুৱাহাটী, ১০ নৱেম্বৰ : উচ্চ ন্যায়ালয়ে শেহতীয়াকৈ অসম চৰকাৰৰ লগতে বৰপেটাৰ সত্ৰসমূহৰ পৰিচালনা সমিতিলৈ সত্ৰত মহিলাৰ প্ৰৱেশ নিষিদ্ধ কৰাক লৈ জাননী জাৰি কৰিছে । ইয়াকে লৈ ৰাজ্যত ব্যাপক চৰ্চা আৰম্ভ হৈছে । ছচিয়েল মিডিয়াতো বিষয়টোক লৈ ব্যাপক তৰ্কযুদ্ধ আৰম্ভ হোৱা দেখা গৈছে ।

উল্লেখ্য যে, সত্ৰত মহিলাৰ প্ৰৱেশ নিষিদ্ধ কৰা সিদ্ধান্তৰ বিৰুদ্ধে অধিবক্তা সন্দীপ চমৰীয়াই গুৱাহাটী উচ্চ ন্যায়ালয়ত দাখিল কৰা এখন ৰাজহুৱা স্বার্থজড়িত আবেদনৰ‌ ভিত্তিত গুৱাহাটী উচ্চ ন্যায়ালয়ে এই নিৰ্দেশ জাৰি কৰিছে । সন্দীপ চমৰীয়াই দাখিল কৰা ৬৮/২০২৩ নম্বৰৰ এই পি আই এলখনৰ বৃহস্পতিবাৰে শুনানি গ্ৰহণ কৰে উচ্চ ন্যায়ালয়ে ।

উক্ত শুনানিৰ পাচতে উচ্চ ন্যায়ালয়ে অসম চৰকাৰৰ লগতে বৰপেটা সত্ৰসমূহৰ পৰিচালনা সমিতিলৈ জাননী জাৰি কৰিছে । লক্ষ্যণীয় যে পৰম্পৰা ৰক্ষা কৰি ঐতিহ্যমণ্ডিত বৰপেটা সত্ৰ, সুন্দৰীদিয়া সত্ৰ, বাৰাদি সত্ৰ আৰু গণককুছি সত্ৰত মহিলাৰ প্ৰৱেশ নিষিদ্ধকৰণৰ বিৰুদ্ধে অধিবক্তা সন্দীপ চমৰীয়াই দাখিল কৰিছিল ৰাজহুৱা স্বাৰ্থজড়িত আৱেদনখন । এই ৬৭/২০২৩ নম্বৰৰ গোচৰটোত আবেদনকাৰীয়ে উল্লেখ কৰে যে বৰপেটা সত্ৰকে ধৰি বৰপেটাৰ উক্ত চাৰিখন সত্ৰৰ পৰিচালনা সমিতি তথা বৰপেটা সত্ৰৰ কীৰ্তন ঘৰৰ সৈতে জড়িত লোকসকলে পৰম্পৰাগত ঐতিহ্যৰ দোহাই দি সত্ৰৰ ভিতৰত নাৰীৰ প্ৰৱেশত বাধা দি আহিছে ।

বৰপেটা সত্ৰৰ কীৰ্তনঘৰত মহিলাৰ প্ৰৱেশ সম্পৰ্কত এটা পক্ষই পৰম্পৰা ভংগ কৰিব নিবিচাৰে যদিও আন এটা পক্ষই যুক্তি উত্থাপন কৰি মহিলাক প্ৰৱেশৰ অনুমতি দিব বিচাৰে ৷ বৃহস্পতিবাৰে উক্ত গোচৰটোৰ সন্দৰ্ভত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ এল জমিৰ আৰু ন্যায়াধীশ কাদাক ইটেৰ খণ্ড বিচাৰপীঠত হোৱা শুনানিত গোচৰীয়া অধিবক্তা সন্দীপ চমৰীয়াই কয়, ‘‘২০১৮ চনৰ ছেপ্টেম্বৰ মাহত কোলাৰ বিখ্যাত সাবৰিমালা মন্দিৰত নাৰীৰ প্ৰৱেশ সন্দৰ্ভত চলি থকা এটা গোচৰৰ ৰায়ত উচ্চতম ন্যায়ালয়ে লিংগ নিৰ্বিশেষে সকলো হিন্দু তীর্থযাত্ৰী সেই মন্দিৰটোত প্ৰৱেশ কৰিব পাৰে বুলি নিৰ্দেশ দিছিল । উচ্চতম ন্যায়ালয়ৰ সংবিধানিক বিচাৰপীঠে কৈছিল যে শাৰীৰিক পাৰ্থক্যৰ বাবেই মহিলাৰ ওপৰত ৰখা যিকোনো বৈষম্য তথা ব্যতিক্ৰমে সংবিধান উলংঘা কৰে । এনেধৰণৰ নিষেধাজ্ঞাই ভাৰতৰ সংবিধানৰ অনুচ্ছেদ-১৪ৰ অধীনত সমতাৰ অধিকাৰ আৰু অনুচ্ছেদ-২৫ৰ অধীনত ধৰ্মৰ স্বাধীনতা উলংঘা কৰে । উচ্চতম ন্যায়ালয়ৰ উক্ত ঐতিহাসিক ৰায়ে ৮০০ বছৰ পুৰণি প্ৰথাক অস্বীকাৰ কৰি মন্দিৰটোত নাৰীৰ প্ৰৱেশৰ সপক্ষে ৰায়দান কৰাৰ লগতে লিংগৰ ভিত্তিত পূজা-অৰ্চনা তথা শ্ৰদ্ধাক ভেদ-ভাৱ কৰিব নোৱাৰিব বুলি স্পষ্ট কৰি দিছিল । সেই যুক্তিতে বৰপেটাৰ সংশ্লিষ্ট চাৰিখন সত্ৰত মহিলাৰ প্ৰৱেশৰ ক্ষেত্ৰত বৈষম্য থাকিব নোৱাৰে ।’’

গুৱাহাটী উচ্চ ন্যায়ালয়ৰ দুজনীয়া বিচাৰপীঠে সংশ্লিষ্ট গোচৰ সন্দৰ্ভত অসম চৰকাৰ তথা বৰপেটা সত্ৰসহ সংশ্লিষ্ট চাৰিওখন সত্ৰৰ পৰিচালনা সমিতিক চাৰি সপ্তাহৰ ভিতৰত স্থিতি স্পষ্ট কৰাৰ বাবে জাননী জাৰি কৰে ।

লগতে পঢ়ক :In the interest of justice: হত্যাৰ দোষীৰ মৃত্যুদণ্ড ২০ বছৰৰ কাৰাদণ্ডলৈ ৰূপান্তৰিত কৰিলে সৰ্বোচ্চ ন্যায়ালয়ে

Last Updated : Nov 10, 2023, 5:33 PM IST

ABOUT THE AUTHOR

...view details