অসম

assam

ETV Bharat / state

B Barooah college election: বি বৰুৱা কলেজৰ ছাত্ৰ একতা সভাৰ নিৰ্বাচনত আদালতৰ স্থগিতাদেশ

বি বৰুৱা কলেজৰ ছাত্ৰ একতা সভাৰ নিৰ্বাচনত আদালতৰ হস্তক্ষেপ ৷ নিৰ্বাচনত স্থগিতাদেশ কামৰূপ মহানগৰ জিলা দেৱানী আদালতৰ ৷ নীতি বহিভূতভাৱে নিৰ্বাচন অনুষ্ঠিত কৰাৰ অভিযোগ ৷

B Borooah College Election
গুৱাহাটীৰ বি বৰুৱা কলেজৰ ছাত্ৰ একতা সভাৰ নিৰ্বাচনত আদালতৰ স্থগিতাদেশ

By

Published : Nov 18, 2022, 2:32 PM IST

গুৱাহাটী, ১৮ নৱেম্বৰ:এপষেক পূৰ্বে গুৱাহাটী বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ ছাত্ৰ সন্থাৰ নিৰ্বাচনত আদালতে হস্তক্ষেপ কৰাৰ‌ পিছতে এইবাৰ গুৱাহাটীৰ বি বৰুৱা কলেজৰ ছাত্ৰ একতা সভাৰ নিৰ্বাচনত আদালতে হস্তক্ষেপ কৰিছে(B Borooah College Election) । কামৰূপ মহানগৰ জিলা দেৱানী আদালতে শুকুৰবাৰে সমাগত গুৱাহাটীৰ বি বৰুৱা কলেজৰ ছাত্ৰ একতা সভাৰ নিৰ্বাচনত হস্তক্ষেপ কৰিছে । এক গোচৰৰ ভিত্তিত কামৰূপ মহানগৰ জিলা দেৱানী আদালতে সমাগত গুৱাহাটীৰ বি বৰুৱা কলেজৰ ছাত্ৰ একতা সভাৰ নিৰ্বাচনত হস্তক্ষেপ কৰি নিৰ্বাচনত স্থগিতাদেশ দিছে ।

গোচৰটোৰ সপক্ষে আদালত যুক্তি দৰ্শায় অধিবক্তা দীপক শৰ্মা আৰু বিশালদীপ কাকতিয়ে । উল্লেখ্য যে, কাইলৈ অৰ্থাৎ অহা শনিবাৰে গুৱাহাটীৰ বি বৰুৱা কলেজৰ ছাত্ৰ একতা সভাৰ নিৰ্বাচন অনুষ্ঠিত হোৱাৰ কথা আছিল । নিৰ্বাচনত এইবাৰ ১৬ টা পদত ৫০ ৰো অধিক প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দিতা আগবঢ়াইছিল । ইয়াৰে গুৰুখেল আৰু সমাজ কল্যান বিভাগৰ ক্ৰমে ডেভিড বড়ো আৰু যুগল কেউতে বিনা প্ৰতিদ্বন্দিতাৰে নিৰ্বাচিত হৈছিল ।

কাইলৈ ১৪ টা পদৰ বাবে নিৰ্বাচন অনুষ্ঠিত হোৱাৰ কথা আছিল। গুৱাহাটীৰ বি বৰুৱা কলেজৰ ছাত্ৰ একতা সভাৰ নিৰ্বাচন সভাপতিৰ পদত ৪ গৰাকী আৰু সাধাৰণ ‌সম্পাদকৰ পদত ৫ গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দিতা আগবঢ়াইছিল । আদালতে নীতি বহিভূতভাৱে নিৰ্বাচন অনুষ্ঠিত কৰাৰ বাবে গুৱাহাটীৰ বি বৰুৱা কলেজৰ ছাত্ৰ একতা সভাৰ নিৰ্বাচনত হস্তক্ষেপ কৰি নিৰ্বাচন স্থগিতাদেশ দিছে । কেতিয়া পুনৰ নিৰ্বাচন অনুষ্ঠিত কৰাৰ হ'ব সেয়া কোনো স্পষ্ট উল্লেখ কৰা নাই আদালতে ।

নিয়ম অনুসৰি নিৰ্বাচনৰ প্ৰ-পত্ৰ পূৰণ কৰাৰ পিছতে তিনিদিনৰ ভিতৰত নিৰ্বাচন অনুষ্ঠিত কৰিব লাগে । কিন্তু নিৰ্বাচনৰ নিয়ম অনুসৰি নিৰ্বাচনৰ প্ৰ-পত্ৰ পূৰণ কৰাৰ পিছতে তিনিদিনৰ ভিতৰত নিৰ্বাচন অনুষ্ঠিত নকৰাৰ বাবে আদালতে গুৱাহাটীৰ বি বৰুৱা কলেজৰ ছাত্ৰ একতা সভাৰ নিৰ্বাচনত হস্তক্ষেপ কৰি নিৰ্বাচন স্থগিতাদেশ দিছে । যোৱা ১৬ নৱেম্বৰত নিৰ্বাচনৰ প্ৰ-পত্ৰ পূৰণ কৰাৰ প্ৰক্ৰিয়া সম্পূৰ্ণ হৈছিল । সেইমতে ১৮ নৱেম্বৰৰ ভিতৰত নিৰ্বাচনৰ প্ৰক্ৰিয়া সম্পূৰ্ণ হ’ব লাগিছিল ।

লগতে পঢ়ক:Skyroot Aerospace launch Vikram S: ইতিহাস ৰচি উৎক্ষেপণ কৰা হ'ল দেশৰ প্ৰথমটো ব্যক্তিগতভাৱে নিৰ্মিত ৰকেট

ABOUT THE AUTHOR

...view details