অসম

assam

ETV Bharat / state

পুনৰ দুদিনৰ বাবে CIDৰ জিম্মালৈ শৃংখল চলিহা

কামৰূপ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতে পুনৰ দুইদিনৰ বাবে চি আই ডি জিম্মালৈ প্ৰেৰণ কৰে শৃংখল চলিহাক ৷ শনিবাৰে আদালতে এই সিদ্ধান্ত ঘোষণা কৰে ৷

আদালতৰ ঘোষণা
ন্যায়িক জিম্মাৰ ম্যাদ বৃদ্ধি শৃংখল চলিহাৰ

By

Published : Dec 28, 2019, 7:58 PM IST

গুৱাহাটী,28 ডিচেম্বৰঃ পুনৰ দুদিনৰ বাবে চি আই ডি জিম্মালৈ প্ৰেৰণ কৰা হৈছে শৃংখল চলিহাক । চি আই ডিয়ে চলিহাক তিনিদিনৰ জিম্মাত বিচাৰি আদালতত আবেদন কৰিছিল ৷ কিন্তু কামৰূপ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতে দুইদিনৰ বাবেহে এই অনুমতি প্ৰদান কৰে ৷ শনিবাৰে এই কথা প্ৰকাশ কৰে শৃংখল চলিহাৰ অধিবক্তা উপমন্যু হাজৰিকাই ৷

আদালতে দুদিনৰ বাবে বৃদ্ধি কৰে জিম্মাৰ ম্যাদ

ইপিনে কামৰূপ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালত চৌহদৰ পৰাই "অসমী আইৰ লগত ন' কম্প্ৰমাইজ, দেশ, জাতি, মা নিজৰ জীৱনতকৈ ডাঙৰ" বুলি শ্লোগান দিয়ে ৷ শনিবাৰে আদালত চৌহদত উপস্থিত আছিল শৃংখলৰ মাতৃ ৷ মাতৃয়ে চলিহাক মানসিকভাৱে সবল হৈ থকাৰো আহ্বান জনায় ৷ জাতিৰ বাবে পুত্ৰই ন্যায়িক জিম্মাৰ কবলত পৰা বুলিও উল্লেখ কৰে মাতৃয়ে ৷ আদালত চৌহদৰ পৰাই অসমৰ জনসাধাৰণক সংগ্ৰাম চলাই নিবলৈ আহ্বান জনায় শৃংখল চলিহাই ৷

লগতে চাওকঃশীঘ্ৰেই আহি আছে ভাৰতীয় ৰেলৰ দ্বিতীয়খন টেজাছ এক্সপ্ৰেছ

ABOUT THE AUTHOR

...view details