গুৱাহাটী, 13 মে’:২০২০ চনৰ ২০ ছেপ্টেম্বৰত অনুষ্ঠিত হোৱা অসম আৰক্ষীৰ এছ আইৰ লিখিত পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিলৰ(Assam police SI examination scam) ঘটনাৰ সম্পৰ্কত শুকুৰবাৰে মহানগৰীৰ বিশেষ ন্যায়াধীশৰ আদালতে ২৭ জনৰ বিৰুদ্ধে অভিযোগনামা দাখিল সম্পন্ন কৰে । বিশেষ ন্যায়াধীশৰ আদালতে মুঠ অভিযুক্তৰ ৪১ জনৰ ভিতৰত ১৪ জনক দোষমুক্ত ঘোষণা কৰিছে ।
অভিযোগনামাত আৰোপ কৰা ২৭ জনৰ বিৰুদ্ধে এতিয়া বিশেষ ন্যায়াধীশৰ আদালতত পৰৱৰ্তী সময়ত বিচাৰ চলিব । বিশেষ ন্যায়াধীশৰ আদালতে অসম আৰক্ষীৰ এছ আই নিযুক্তি পৰীক্ষাৰ কেলেংকাৰিৰ মূল নায়ক আৰক্ষী বিষয়া পি কে দত্তৰ(DIG Prashanta Kumar Dutta) বিৰুদ্ধে ভাৰতীয় দণ্ডবিধি আইনৰ ৮ নং ধাৰা আৰোপ কৰিছে । আকৌ বিশেষ ন্যায়াধীশ আদালতে অসম আৰক্ষীৰ এছ আই নিযুক্তি পৰীক্ষাৰ কেলেংকাৰিৰ আন এগৰাকী নায়ক আৰক্ষী বিষয়া সঞ্জীৱ কৃষ্ণৰ(Kumar Sanjit Krishna) বিৰুদ্ধে ভাৰতীয় দণ্ডবিধি আইনৰ ৭(A), (B),(C) আৰু ১৩(২) ধাৰা আৰোপ কৰিছে ।