গুৱাহাটী , 26 ডিচেম্বৰঃ বুধবাৰে বীৰ লাচিত সেনাৰ নেতা শৃংখল চলিহাক হাজিৰ কৰোৱা হ'ল মুখ্য ন্যায়াধীশ দণ্ডাধীশৰ কাৰ্যালয়ত ৷ ইয়াৰ পাচতে 2 দিনৰ বাবে চি আই ডিৰ জিম্মালৈ নেতাজনক প্ৰেৰণ কৰে ন্যায়ালয়ে ৷ উল্লেখযোগ্য যে , নাগৰিকত্ব সংশোধনী আইন বিৰোধী আন্দোলনক নেতৃত্ব প্ৰদান কৰাৰ সময়তে ডিব্ৰুগড়ৰ পৰা আটক কৰা হৈছিল বীৰ লাচিত সেনাৰ সাংগঠনিক সম্পাদকজনক ৷ নেতাগৰাকীক আদালতৰ চৌহদত হাজিৰ কৰোৱাৰ সময়তে জই আই অসম ধ্বনি দিয়ে শৃংখল চলিহাৰ লগতে বীৰ লাচিত সেনাৰ সদস্য সকলে ৷ সংগ্ৰামী সতীৰ্থক এনেদৰে কাৰাৰুদ্ধ কৰিলে বীৰ লাচিত সেনাৰ তৰফৰ পৰা ৮৩ৰ দৰে ভয়ংকৰ আন্দোলন গঢ়ি তোলা হ'ব বুলি হুংকাৰ দিয়ে বীৰ লাচিত সেনাৰ উপদেষ্টা গৰাকীয়ে ৷ সংগঠনটোৰ আন এগৰাকী সদস্যাই মন্তব্য কৰে যে ,চৰকাৰে প্ৰতিবাদী জনতাক পোতাশাললৈ নিক্ষেপ কৰি সংগ্ৰাম স্তব্ধ কৰিব নোৱাৰে ৷ যিমানেই চৰকাৰে প্ৰতিবাদীক কাৰাৰুদ্ধ কৰিব , হাজাৰ অখিল গগৈ, শৃংখল চলিহা ওলাই আহিব ৷ আনহাতে চি আই ডিয়ে শৃংখল চলিহাক ৫ দিনৰ বাবে জিম্মাত বিচাৰিছিল যদিও আদালতে ২ দিনৰ বাবে চি আই ডিৰ জিম্মাত নিবলৈ অনুমতি দিয়ে ৷ লগতে 24 ঘণ্টাৰ মূৰে মূৰে স্বাস্থ্য নেতাজনৰ স্বাস্থ্য পৰীক্ষা কৰিবলৈও নিৰ্দেশ দিয়ে ন্যায়ালয়ে ৷
শৃংখল চলিহাক ২ দিনৰ বাবে চি আই ডিৰ জিম্মালৈ প্ৰেৰণ কৰিলে ন্যায়ালয়ে - শৃংখল চলিহক আটক
সংগ্ৰামী সতীৰ্থক এনেদৰে কাৰাৰুদ্ধ কৰিলে বীৰ লাচিত সেনাৰ তৰফৰ পৰা ৮৩ৰ দৰে ভয়ংকৰ আন্দোলন গঢ়ি তোলা হ'ব বুলি হুংকাৰ দিয়ে বীৰ লাচিত সেনাৰ উপদেষ্টা গৰাকীয়ে ৷ পোতাশালৰ ভয় দেখুৱাই চৰকাৰে আন্দোলন অৱদমিত কৰিবলৈ সক্ষম ন'হব বুলিও মন্তব্য কৰে সংগঠনটোৰ সদস্য সকলে ৷
![শৃংখল চলিহাক ২ দিনৰ বাবে চি আই ডিৰ জিম্মালৈ প্ৰেৰণ কৰিলে ন্যায়ালয়ে court has sent sringkhal chaliha to cid custody for 2 days](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-5501842-thumbnail-3x2-sringkhal.jpg)
জাতিৰ লগত আপোচ ন'হব-শৃংখল চলিহা
জাতিৰ লগত আপোচ ন'হব-শৃংখল চলিহা
TAGGED:
শৃংখল চলিহক আটক