গুৱাহাটী, ২১ মাৰ্চ: বিকি প্ৰসাদ গুপ্তাৰ জামিন মঞ্জুৰ । কামৰূপ জিলাৰ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতে জামিন মঞ্জুৰ কৰিলে বিকি গুপ্তাৰ (Court grants bail to Biki Gupta)। পল্টনবজাৰ থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিযয়া আৰু তদন্তকাৰী বিষয়া উপস্থিত আছিল আদালতত ।
পল্টন বজাৰ কাণ্ডৰ সন্দৰ্ভত আৰক্ষীয়ে দোষ স্বীকাৰ কৰিছে আদালতত । ঘটনাত জড়িত সকলো আৰক্ষীৰ বিৰুদ্ধে ব্যৱস্থা লোৱাৰ কথাও প্ৰকাশ কৰিছে বিভাগীয় কৰ্তৃপক্ষই । উক্ত ঘটনাৰ লগত জড়িত অন্য ৫ গৰাকী আৰক্ষীলৈও চমন জাৰি কৰা হৈছে ৷ পল্টন বজাৰ কাণ্ডৰ সন্দৰ্ভত বিকি গুপ্তাক ভাৰতীয় লণ্ডবিধি আইনৰ ২৯৪, ৩২৫, ৩৫৩ আৰু ৩৪১ ধাৰাত কাৰাদণ্ড বিহা হৈছিল ৷
বিকি প্ৰসাদ গুপ্তাৰ পত্নীৰ মন্তব্য উল্লেখ্য যে, বৃহস্পতিবাৰে গুৱাহাটীৰ পল্টন বজাৰত পৰিয়ালৰ সন্মুখতে বিকি প্ৰসাদ গুপ্তা নামৰ লোকজনক আৰক্ষীয়ে প্ৰহাৰ কৰাৰ ভিডিঅ’ ভাইৰেল হৈছিল । আৰক্ষীৰ প্ৰহাৰৰ সময়ত বাইকত বিকি প্ৰসাদ গুপ্তাৰ পত্নী আৰু কনমানি সন্তান আছিল । বাইকত থকা অৱস্থাত লোকজনক আৰক্ষী কনিষ্টবল ফকৰুদ্দিন আহমেদে প্ৰহাৰ কৰাত তেওঁৰ পত্নী আৰু সন্তান পৰি গৈছিল । আৰক্ষীৰ সৈতে মাৰপিটত লিপ্ত হোৱাৰ বাবে বিকি প্ৰসাদ গুপ্তা নামৰ বাইক আৰোহীজনক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি জেললৈ প্ৰেৰণ কৰা হৈছিল আৰু ঘটনাটোৰ বাবে নিলম্বিত কৰা হৈছে অসম আৰক্ষীৰ কনিষ্টবল ফকৰুদ্দিন আহমেদক ৷
আনহাতে পল্টন বজাৰ থানাৰ যানবাহন শাখাৰ আই চি উপ-পৰিদৰ্শক প্ৰণৱ কুমাৰ ডেকাকো ইতিমধ্যে ৰিজাৰ্ভ ক্ল'জ কৰা হৈছে ।
লগতে পঢ়ক:ঘৰৰ পৰা উঠাই আনি মৰিয়াই মৰিয়াই হত্যা এজনক