অসম

assam

ETV Bharat / state

সপত্নীক হিমন্ত বিশ্ব শৰ্মাক ৪০০০ টকাৰ জৰিমনা আদালতৰ - হিমন্ত বিশ্ব শৰ্মাক জৰিমনা আদালতৰ

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ লগতে পত্নী ৰিণিকী ভূঞা শৰ্মালৈ দুহেজাৰকৈ মুঠ চাৰি হাজাৰ টকা জৰিমনা বিহিলে আদালতে (Court fined Himanta Biswa Sharma along with wife) ৷ জৰিমনাসহ আদালতত হাজিৰ হ’ব লাগিব পত্নীসহ মুখ্যমন্ত্ৰী ৷

Court fined Himanta Biswa Sharma along with wife
সপত্নীসহ হিমন্ত বিশ্ব শৰ্মাক ৪০০০ টকাৰ জৰিমনা আদালতৰ

By

Published : Feb 25, 2022, 10:10 PM IST

গুৱাহাটী, ২৫ ফেব্ৰুৱাৰী: আদালতৰ চমন নমনাৰ বাবে মুখ্যমন্ত্ৰীক ২০০০ টকাৰ জৰিমনা বিহিছে আদালতে । লগতে মুখ্যমন্ত্ৰীৰ পত্নীকো ২০০০ টকাৰ জৰিমনা বিহা হৈছে (Court fined Himanta Biswa Sharma along with wife)। চমন দিয়া স্বত্বেও শুকুৰবাৰে সময়মতে আদালতত হাজিৰ নহ’ল মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা ।

শুকুৰবাৰে তাৰিখে পুৱা দহ বজাত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক হাজিৰ হোৱাৰ নিৰ্দেশ দিছিল কামৰূপ মহানগৰ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতে । কিন্তু পুৱা ১০.৫৫ বজালৈ আদালতত হাজিৰ হোৱা নাছিল মুখ্যমন্ত্ৰী শৰ্মা । মুখ্যমন্ত্ৰীৰ হৈ কোনো অধিবক্তাও উপস্থিত হোৱা নাছিল আদালতত । সেয়ে আদালতত হাজিৰ নোহোৱাত জাৰি কৰা হৈছিল গ্ৰেপ্তাৰী পৰোৱানা । গ্ৰেপ্তাৰী পৰোৱানা জাৰি কৰাৰ পাছতে মুখ্যমন্ত্ৰীৰ হৈ আদালতত উপস্থিত হয় অধিবক্তা । অধিবক্তাই উপস্থিত হৈয়ে পূৰ্বৰ নিৰ্দেশনা প্ৰত্যাহাৰ কৰিবলৈ অনুৰোধ জনায় আদালতৰ মজিয়াত । ৰাষ্ট্ৰপতিৰ কাৰ্যসূচীত ব্যস্ত থকাৰ কথা জনোৱা হয় আদালতত । তেতিয়াহে আদালতে প্ৰত্যাহাৰ কৰে গ্ৰেপ্তাৰী পৰোৱানা । লগতে পৰৱৰ্তী তাৰিখত মুখ্যমন্ত্ৰীক সোঁশৰীৰে আদালতত হাজিৰ হোৱাৰ নিৰ্দেশ দিয়ে আদালতে । পৰৱৰ্তী শুনানিৰ দিন ২১ মাৰ্চ তাৰিখে ধাৰ্য কৰা হৈছে । ২১ মাৰ্চত আদালতত উপস্থিত থাকিব লাগিব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ।

উল্লেখ্য যে, ২০১৯ চনৰ লোকসভা নিৰ্বাচনৰ সময়ত নিৰ্বাচনী আচৰণ বিধি ভংগ কৰা সম্বন্ধীয় এক গোচৰত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক আদালতত হাজিৰ হোৱাৰ বাবে ২৩ ফেব্ৰুৱাৰীত চমন জাৰি কৰিছিল কামৰূপ মহানগৰ মুখ্য ন্যায়িক দণ্ডাধীশে । ২৫ ফেব্ৰুৱাৰীত আদালতত হাজিৰ হোৱা বাবে মুখ্যমন্ত্ৰী শৰ্মাক কামৰূপ মহানগৰ মুখ্য ন্যায়িক দণ্ডাধীশে চমন জাৰি কৰিছিল । নিৰ্বাচনী আচৰণ বিধি উলংঘা কৰি হিমন্ত বিশ্ব শৰ্মাই ২০১৯ লোকসভা নিৰ্বাচনৰ সময়ত এটা চেটেলাইট নিউজ চেনেলক সাক্ষাৎকাৰ দিয়া সন্দৰ্ভত অসম প্ৰদেশ কংগ্ৰেছ কমিটিয়ে দাখিল কৰা অভিযোগৰ ভিত্তিত নিৰ্বাচন আয়োগে হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছিল ।

নিৰ্বাচনী প্ৰচাৰৰ সময় শেষ হোৱাৰ পিছতো চেটেলাইট চেনেলত সাক্ষাৎকাৰ দিয়াৰ অভিযোগ আছিল মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে । অভিযোগকাৰীয়ে হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে ডিজিটেল প্ৰমাণো দাখিল কৰিছিল । আদালতে নিউজ চেনেলটোৰ প্ৰতিনিধিকো আদালতত হাজিৰ হোৱাৰ বাবে চমন জাৰি কৰিছিল । চমন জাৰি কৰাৰ পাছতো আদালতত হাজিৰ নোহোৱাৰ বাবে মুখ্যমন্ত্ৰীৰ লগতে চেনেলটোৰ চি এম ডি তথা মুখ্যমন্ত্ৰীৰ পত্নীক মুঠ চাৰি হাজাৰ টকাৰ জৰিমনা বিহে আদালতে ।

লগতে পঢ়ক:Russia Ukraine crisis: ইউক্ৰেইনত আৱদ্ধ অসমৰ শিক্ষাৰ্থীক প্ৰত্যাৱৰ্তনৰ চেষ্টা ৰাজ্য চৰকাৰৰ

ABOUT THE AUTHOR

...view details