গুৱাহাটী, ২৯ নৱেম্বৰ: প্ৰধানমন্ত্রী কিষাণ সন্মান নিধি অর্থাৎ 'পি এম কিষাণ' আঁচনিৰ ৰূপায়ণত অসমত ব্যাপক দুৰ্নীতি সংঘটিত হোৱাটো স্পষ্ট হৈ পৰিছে (Scam in Pradhan Mantri Kisan Samman Nidhi)। দুৰ্নীতিৰ ক্ষেত্ৰত শূণ্য সহনশীল বিজেপি চৰকাৰৰ শাসনত বিজেপিয়ে প্ৰৱৰ্তন কৰা আঁচনিবোৰৰ ক্ষেত্ৰত এটাৰ পিছত আন এটা ব্যাপক দুৰ্নীতি সংঘটিত হোৱাৰ তথ্য ফাদিল হৈছে । শেহতীয়াকৈ প্ৰধানমন্ত্রী কিষাণ সন্মান নিধি আঁচনিৰ ৰূপায়ণত আসমত ব্যাপক দুৰ্নীতি সংঘটিত হোৱাৰ তথ্য উচ্চ ন্যায়ালয়ৰ জৰিয়তে ফাদিল কৰিছে আমগুৰি নৱনিৰ্মাণ সমিতি নামৰ এটা সামাজিক সংগঠনে (Alligation of Amguri Navnirman Samiti)।
ক্ষুদ্ৰ আৰু উপান্ত কৃষকৰ কল্যাণৰ উদ্দেশ্যে প্ৰৱৰ্তন কৰা প্ৰধানমন্ত্রী কিষাণ সন্মান নিধি আঁচনি ৰূপায়ণত অসমত হোৱা অনিয়ম আৰু দুৰ্নীতিৰ বাবে জগৰীয়া চৰকাৰী বিষয়াৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিবলৈ ইতিমধ্য়ে গুৱাহাটী উচ্চ ন্যায়ালয়ে ৰাজ্য চৰকাৰক নির্দেশ দিছে (Gauhati High Court directs state govt) । লগতে উচ্চ ন্যায়ালয়ে ৰাজ্য চৰকাৰক আঁচনিখন সঠিক ৰূপত ৰূপায়ণ কৰিবলৈ আৰু প্ৰকৃত হিতাধিকাৰীয়েহে ইয়াৰ সুবিধা লাভ কৰাটো নিশ্চিত কৰাৰ বাবে আঁচনিখনৰ নীতি-নিৰ্দেশনাসমূহ দৃঢ়ভাৱে মানি চলিবলৈয়ো নিৰ্দেশ দিছে (Scam in PM Kisan Nidhi in Assam)।
উল্লখ্য় যে অসমত পি এম কিষাণ আঁচনিৰ নামত ব্যাপক দুর্নীতি সংঘটিত হোৱাৰ অভিযোগ কৰি আৰু এই দুৰ্নীতিৰ উপযুক্ত তদন্ত বিচাৰি আমগুৰি নৱনিৰ্মাণ সমিতি নামৰ এটা সামাজিক সংগঠনে দাখিল কৰা এখন ৰাজহুৱা স্বাৰ্থজড়িত আবেদনৰ (৭৩/২০২২) ৰায়দান কৰি গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ আৰ এম ছায়া আৰু ন্যায়াধীশ সৌমিত্ৰ শইকীয়াৰ বিচাৰপীঠে এই নির্দেশ দিছে (PIL filed in Guwahati High Court)। সোমবাৰে ৰাজহুৱা হোৱা ৰায়টোত আদালতে আঁচনিখনৰ ৰূপায়ণত হোৱা অনিয়ম সন্দৰ্ভত ৰাজ্য চৰকাৰে ইতিমধ্যে কৰোৱা অতিৰিক্ত মুখ্য সচিব অধ্যক্ষাধীন সমিতিৰ প্ৰতিবেদনৰ ভিত্তিত আৰম্ভ কৰা ব্যৱস্থা আৰু অযোগ্য হিতাধিকাৰীৰ পৰা ধন ঘূৰাই অনাৰ ব্যৱস্থা অব্যাহত ৰাখিবলৈ নিৰ্দেশ দিছে । লগতে অযোগ্য হিতাধিকাৰীয়ে ভৱিষ্যতে আঁচনিখনৰ সুবিধা লাভ কৰাৰ পথ বন্ধ কৰাৰ বাবে প্ৰস্তাৱ কৰা (আদালতত শপতনামা আকাৰে দাখিল কৰা) ব্যৱস্থাসমূহ আখৰে আখৰে কাৰ্যকৰী কৰিবলৈ চৰকাৰক ন্যায়ালয়ে নির্দেশ দিছে ।
উল্লেখ্য যে ৰাজহুৱা স্বার্থজড়িত আবেদনকাৰীয়ে উজনি অসমৰ চাৰিখন জিলাত আঁচনিখনৰ ৰূপায়ণৰ নামত হোৱা দুৰ্নীতিৰ অৰ্থাৎ বহু অযোগ্য লোকে আঁচনিৰ ধন লাভ কৰাৰ তথ্য আদালতত দাখিল কৰিছিল । ২০১৯ চনত প্ৰৱৰ্তন কৰা এই আঁচনিৰ অধীনত নিজৰ নামত খেতিৰ মাটি থকা ক্ষুদ্র আৰু উপান্ত খেতিয়কক দুহেজাৰ টকাকৈ বছৰি তিনিটা কিস্তিত বেংক একাউণ্টযোগে ধন দিয়া হয় । অসমত আঁচনিখনৰ ৰূপায়ণত হোৱা দুৰ্নীতিৰ অভিযোগৰ পিছত উচ্চ ন্যায়ালয়ে বিষয়টো গুৰুত্ব সহকাৰে লৈ বিষয়টো সন্দৰ্ভত ৰাজ্য চৰকাৰক কৈফিয়ৎ তলৱ কৰে । তাৰ পৰৱৰ্তী সময়ত ৰাজ্য চৰকাৰে বৰ্তমানৰ মুখ্য সচিব তথা পূৰ্বৰ অতিৰিক্ত মুখ্য সচিব জিষ্ণু বৰুৱাৰ নেতৃত্বত এখন এজনীয়া তদন্ত সমিতি গঠন কৰে ।