গুৱাহাটী , 24 নৱেম্বৰঃ দেওবাৰে নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীত কটনিয়ানে সাব্যস্ত কৰিলে উত্তাল প্ৰতিবাদ ৷ নৰেন্দ্ৰ মোডী, অমিত শ্বাহ , সৰ্বানন্দ সোণোৱাল আৰু হিমন্ত বিশ্ব শৰ্মাৰ জুমুঠি দাহ কৰি কটন বিশ্ববিদ্যালয়ৰ সমুখত জাতিধ্বংসী বিধেয়কখনৰ বাতিলৰ দাবী কৰিলে সচেতন কটনিয়ানে ৷ সৰ্বানন্দ সোণোৱালৰ প্ৰতিৰ্মূতিত শাৰী পিন্ধাই নিমাতী কন্যা আখ্যা দিলে এসময়ত সোণোৱালক জাতীয় নায়ক আখ্যা দিয়া সদৌ অসম ছাত্ৰ সন্থাৰ কটন বিশ্ববিদ্যালয়ৰ গোটে ৷ লাচিত দিৱসৰ দিনা হাতত লাচিত বৰফুকনৰ প্ৰতিচ্ছবি আৰু বিভিন্ন প্লেকাৰ্ড লৈ বিধেয়ক গৃহীত কৰিলে চৰকাৰ ভয়ানক বিপদৰ সন্মুখীন হ'ব লাগিব বুলি চৰকাৰক সকীয়াই দিয়ে কটনিয়ানসকলে ৷
সৰ্বা , হিমন্তৰ প্ৰতিমূৰ্তিত শাৰী পিন্ধালে কটনিয়ানে - নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে প্ৰতিবাদ কটনিয়ানৰ
সৰ্বানন্দ সোণোৱালক নিমাতী কন্যা আখ্যা দিলে এসময়ত জাতীয় নায়ক উপাধি প্ৰদানকাৰী সদৌ অসম ছাত্ৰ সন্থাৰ কটন বিশ্ববিদ্যালয় গোটে ৷ লচিত দিৱসৰ দিনাই লাচিত বৰফুকনৰ প্ৰতিচ্ছবি লৈ বিধেয়ক গৃহীত কৰিবলৈ নিদিয়াৰ সংকল্প কটনিয়ানৰ ৷
সৰ্বানন্দ সোণোৱালক নিমাতী কন্যা আখ্যা দিলে কটনিয়ানে
Last Updated : Nov 25, 2019, 4:22 AM IST