গুৱাহাটী,26মে': সোমবাৰে এক জাননী যোগে কামৰূপ মেট্ৰ'ৰ জিলা প্ৰশাসনে ২৪ ঘন্টাৰ ভিতৰত কটন বিশ্ববিদ্যালয়ৰ হোষ্টেল খালী কৰাৰ নিৰ্দেশ জাৰি কৰাৰ পাছতে এতিয়া অসুবিধাৰ সন্মুখীন হ'ব লগা হৈছে কটন বিশ্ববিদ্যালয়ৰ হোষ্টেলৰ আবাসী সকল। আজি পুৱাৰে পৰা কটন বিশ্ববিদ্যালয়ৰ হোষ্টেলৰ চৌহদত দেখা গ'ল এক অস্বাভাৱিক পৰিৱেশ। এইসন্দৰ্ভত কটন বিশ্ববিদ্যালয়ৰ মনস্তাত্বিক বিভাগৰ ছাত্ৰ হীৰক জ্য়োতি বৰাই মন্তব্য প্ৰকাশ কৰি কয় যে, প্ৰশাসনে ছাত্ৰ-ছাত্ৰী সকলক অলপমান সময় দিয়াৰ প্ৰয়োজন ৷ যাতে ছাত্ৰ-ছাত্ৰীসকলে হোষ্টেলত থকা সামগ্ৰীসমূহ লৈ যাবলৈ সময় পায় ৷ কাৰণ লক ডাউনৰ ফলত ছাত্ৰ-ছাত্ৰীসকল ঘৰতে আবদ্ধ হৈ থাকিবলগীয়া হৈছে ৷ইপিনে আন এগৰাকী আবাসীয়ে মন্তব্য প্ৰশাসনে এই সিদ্ধান্ত পৰিকল্পিতভাৱে ল'ব লাগিছিল ৷ সু-পৰিকল্পনা নোহোৱাৰ বাবেই এতিয়া ছাত্ৰ ছাত্ৰী সকল যথেষ্ট অসুবিধাত পৰিবলগীয়া হৈছে।
চৰকাৰক সময় দিবলৈ আহ্বান কটন বিশ্ববিদ্যালয়ৰ আৱাসী ছাত্ৰ ছাত্ৰীৰ - কটন বিশ্ববিদ্যালয়
প্ৰশাসনে ছাত্ৰ-ছাত্ৰী সকলক অলপমান সময় দিয়াৰ প্ৰয়োজন ৷ যাতে ছাত্ৰ-ছাত্ৰীসকলে হোষ্টেলত থকা সামগ্ৰীসমূহ লৈ যাবলৈ সময় পায় ৷
![চৰকাৰক সময় দিবলৈ আহ্বান কটন বিশ্ববিদ্যালয়ৰ আৱাসী ছাত্ৰ ছাত্ৰীৰ cotton university's students react of DC Notice](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-7353804-thumbnail-3x2-pic.jpg)
চৰকাৰক সময় দিবলৈ আহ্বান কটন বিশ্ববিদ্যালয়ৰ আৱাসী ছাত্ৰ ছাত্ৰীৰ
চৰকাৰক সময় দিবলৈ আহ্বান কটন বিশ্ববিদ্যালয়ৰ আৱাসী ছাত্ৰ ছাত্ৰীৰ