অসম

assam

By

Published : Dec 2, 2019, 8:23 PM IST

ETV Bharat / state

নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতাৰে সৰৱ কটনিয়ান

অসমৰ ছাত্ৰ সমাজ জাতিৰ স্বাৰ্থত ৰাজপথত নামিছে । ভাৰতৰ সকলো জনসাধাৰণ আৰু ছাত্ৰ সমাজ ইয়াৰ বিৰুদ্ধে গৰজি উঠিব লাগে । কটন বিশ্ববিদ্যালয়ত এখন সংবাদমেল অনুষ্ঠিত কৰি এই মন্তব্য কৰে ছাত্ৰ একতা সভাৰ বিষয়ববীয়াসকলে ৷

Cotton university
নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতাৰে সৰৱ কটনিয়ান

গুৱাহাটী, 2 ডিচেম্বৰঃসোমবাৰে কটন বিশ্ববিদ্যালয়ত প্ৰাক্তন আৰু বৰ্তমানৰ ছাত্ৰ একতা সভাৰ বিষয়ববীয়াসকলে এখন সংবাদমেল সম্বোধন কৰে । সংবাদমেলত বিশ্ববিদ্যালয়খনৰ প্ৰাক্তন সাধাৰণ সম্পাদকসকলে কয় যে, তেওঁলোকে কেব কোনোপধ্যেই মানি নলয় । কেবৰ বিৰুদ্ধে আন্দোলন চলিছে আৰু অধিক তীব্ৰতৰ হ'ব বুলি হুংকাৰ দিয়ে ছাত্ৰ একতা সভাৰ বিষয়ববীয়াসকলে ।

নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতাৰে সৰৱ কটনিয়ান

ইয়াৰোপৰিও তেওঁলোকে কয় যে, অসমৰ ছাত্ৰ সমাজ জাতিৰ স্বাৰ্থত ৰাজপথত নামিছে । ভাৰতৰ সকলো জনসাধাৰণ আৰু ছাত্ৰ সমাজ ইয়াৰ বিৰুদ্ধে গৰজি উঠিব লাগে । লগতে বিশ্ববিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰীসকলে সংবাদমেলৰ জৰিয়তে কেইবাটাও আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰাৰ কথাও জানিবলৈ দিয়ে । সেই অনুসৰি আগন্তুক 6 ডিচেম্বৰত ৰণহুংকাৰ কাৰ্যসূচী ৰূপায়ন কৰা হ'ব । ইয়াৰোপৰিও 855 জন শ্বহীদৰ হৈ প্ৰধানমন্ত্ৰীলৈ চিঠি লিখি স্বাক্ষৰ অভিযান আৰম্ভ কৰা হ'ব । ইফালে হিমন্ত বিশ্ব শৰ্মাই সংসদত জয় বাংলাদেশ ধ্বনি দিয়াৰ সন্দৰ্ভত এখন এজাহাৰ দাখিল কৰাৰ কথাও জানিবলৈ দিয়ে তেওঁলোকে । উক্ত সংবাদমেলখনত কটন বিশ্ববিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ বৰ্তমানৰ সাধাৰণ সম্পাদক ৰাহুল বৰদলৈ, পূৰ্বৰ সাধাৰণ সম্পাদক দ্বীপজ্যোতি দাস, অম্লান জ্যোতি চৌধুৰী, মনমোহন চুতীয়া, প্ৰাঞ্জল কলিতা আৰু নিশিৰঞ্জন কে মল্লিকা উপস্থিত থাকে ৷

লগতে পঢ়কঃ গৃহমন্ত্ৰী অমিত শ্বাহৰ সন্মুখত অগপৰ স্থিতি আছিল অতি দুৰ্বল : আমিনুল ইছলাম

ABOUT THE AUTHOR

...view details