গুৱাহাটী , 30 মে':কটন বিশ্ববিদ্যালয়ৰ পৰা কৰ্তন নহয় বিচিএ পাঠ্যক্ৰম ৷ বৃহস্পতিবাৰে বিয়লি প্ৰকাশ পাব নামভৰ্তি প্ৰক্ৰিয়াৰ জাননী ৷ কটন বিশ্ববিদ্যালয়ৰ কৰ্তৃপক্ষই এই ঘোষণা কৰে ৷ কৰ্তৃপক্ষৰ সৈতে ছাত্ৰ-ছাত্ৰী আলোচনাৰ অন্তত বিশ্ববিদ্যালয়ৰ কৰ্তৃপক্ষই এই সিদ্ধান্ত গ্ৰহণ কৰে ৷
কটন বিশ্ববিদ্যালয়ৰ পৰা কৰ্তন নহয় বিচিএ পাঠ্যক্ৰম - কটন বিশ্ববিদ্যালয়
বৃহস্পতিবাৰে বিয়লি প্ৰকাশ পাব নামভৰ্তি প্ৰক্ৰিয়াৰ জাননী ৷
বিশ্ববিদ্যালয়খনত বিচিএ পাঠ্যক্ৰম আসনৰ সংখ্যা পূৰ্বৰ সমানেই থাকিব বুলি শৈক্ষিক পঞ্জীয়ক সঞ্জয় কুমাৰ দত্তই সদৰি কৰে ৷ লগতে 2 জুন পৰ্যন্ত অনলাইন যোগে আৱেদনৰ সুবিধা থকাৰ কথাও অৱগত কৰে পঞ্জীয়কগৰাকীয়ে ৷ ইয়াৰোপৰিও তেওঁ স্নাতক শাখাৰ দুটা পাঠ্যক্ৰমত আসনৰ সংখ্যা বৃদ্ধি হোৱাৰ কথাও জানিবলৈ দিয়ে ৷ উল্লেখ্য যে পূৰ্বে প্ৰকাশিত জাননীত বিচিএ পাঠ্যক্ৰমটো কৰ্তন কৰা হৈছিল যদিও ইয়াৰ পাচতে ছাত্ৰ ছাত্ৰী সকলে প্ৰতিবাদ সাব্যস্ত কৰে ৷ ছাত্ৰ ছাত্ৰীৰ দাবীৰ প্ৰতি সহাঁৰি জনাই কৰ্তৃপক্ষই পাঠ্যক্ৰম বাহাল ৰখাৰ সিদ্ধান্ত গ্ৰহণ কৰে ৷