গুৱাহাটী, 25 ছেপ্টেম্বৰঃ ৰাজ্যৰ মহাবিদ্যালয় বিশ্ববিদ্যালয়ত এতিয়া নিৰ্বাচনী জোৱাৰ ৷ ছাত্ৰ একতা সভা দখলৰ প্ৰস্তুতিত ব্যস্ত ছাত্ৰ ছাত্ৰীৰ পৰা ছাত্ৰ সংগঠন সকলো ৷ ঐতিহ্যমণ্ডিত কটন বিশ্ববিদ্যালয়ৰ ছাত্ৰ সমাজো পিচ পৰি থকা নাই ৷ বুধবাৰে বিশ্ববিদ্যালয় খনৰ ছাত্ৰ একতা সভাৰ নিৰ্বাচনত প্ৰতিদ্বন্দিতাৰ বাবে বহু কেইজন প্ৰাৰ্থীয়ে মনোনয়ন দাখিল কৰে ৷ উল্লেখযোগ্য যে, বিশ্ববিদ্যালয় খনৰ 101 বছৰীয়া নিৰ্বাচনৰ ইতিহাসত প্ৰথম বাৰৰ বাবে এই বছৰ সাধাৰণ সম্পাদক পদৰ বাবে মনোনয়ন দাখিল কৰিছে এগৰাকী ছাত্ৰীয়ে ৷ ইয়াৰ পূৰ্ৱে সাধাৰণ সম্পাদক পদত কোনো ছাত্ৰীয়ে মনোনয়ন দাখিল কৰা নাছিল । ছাত্ৰী গৰাকী হৈছে পঞ্চম ষান্মাষিকৰ অসমীয়া বিভাগৰ ছাত্ৰী ঋষিকন্যা বাৎস্য ৷
কটনৰ ইতিহাসত পোন প্ৰথমবাৰৰ বাবে সাধাৰণ সম্পাদক পদত ছাত্ৰীৰ মনোনয়ন - Cotton university student's union election 2019-20
1 অক্টোবৰত অনুষ্ঠিত হ'ব ঐতিহ্যমণ্ডিত কটন বিশ্ববিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ নিৰ্বাচন ৷ বিশ্ববিদ্যালয়খনৰ ইতিহাসত পোন প্ৰথমবাৰৰ বাবে সাধাৰণ সম্পাদক পদত প্ৰতিদ্বন্দিতা আগবঢ়াইছে এগৰাকী ছাত্ৰীয়ে ৷

কটনৰ ইতিহাসত পোন প্ৰথমবাৰৰ বাবে সাধাৰণ সম্পাদক পদত ছাত্ৰীৰ মনোনয়ন
কটনৰ ইতিহাসত পোন প্ৰথমবাৰৰ বাবে সাধাৰণ সম্পাদক পদত ছাত্ৰীৰ মনোনয়ন
অসমৰ ৰাজনৈতিক ক্ষেত্ৰ খনত বিশেষ ভাৱে প্ৰভাৱ পেলোৱা কটন বিশ্ববিদ্যালয়ৰ নিৰ্বাচনে সমগ্ৰ ৰাজ্যৰে গুৰুত্ব পাবলৈ সক্ষম হয় ৷ সেয়ে অহা 1 অক্টোবৰত অনুষ্ঠিত হ'ব লগা বিশ্ববিদ্যালয় খনৰ ছাত্ৰ একতা সভাৰ নিৰ্বাচনৰ ফলাফল কেনে হয় সেয়া নিশ্চিতভাৱে লক্ষণীয় হ'ব ৷
TAGGED:
Cotton university election