অসম

assam

ETV Bharat / state

কটন বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ বিক্ষোভ প্ৰদৰ্শন - শ্ৰেণীকোঠা বৰ্জন কৰি এইবাৰ প্ৰতিবাদ

কটন বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ বিক্ষোভ প্ৰদৰ্শন(Cotton University students protest) । কটনৰ সমীপৰ মূল পথ অৱৰোধ কৰি কটনীয়ানৰ তীব্ৰ প্ৰতিবাদ সাব্যস্ত ।

cotton-university-students-protest-against-traffic-police
কটন বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ বিক্ষোভ প্ৰদৰ্শন

By

Published : May 31, 2022, 10:35 PM IST

গুৱাহাটী, 31 মে':শ্ৰেণীকোঠা এৰি এইবাৰ প্ৰতিবাদত নামিল কটন বিশ্ববিদ্যালয়ৰ একাংশ ছাত্ৰ-ছাত্ৰী ৷ কটনিয়ানৰ প্ৰতিবাদত উত্তপ্ত হৈ পৰিল কটন বিশ্ববিদ্যালয়ৰ চৌহদ ৷ মঙলবাৰে কটনৰ সমীপৰ মূল পথ অৱৰোধ কৰি প্ৰতিবাদ সাব্যস্ত কৰিলে কটন বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলে ৷ গাড়ী, বাইকৰ উচ্চস্তৰত হৰ্ণৰ শব্দ ৰোধ, অবৈধ পাৰ্কিং আঁতৰোৱাৰ দাবীত ছাত্ৰ-ছাত্ৰীসকলে এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে (Cotton University students protest on various demands)।

পূৰ্বৰ পৰাই কটনিয়ানে প্ৰশাসনক বাৰম্বাৰ অনুৰোধ জনোৱাৰ পিছতো কোনো ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ উত্থাপন কৰি ক্ষোভিত হৈ পৰে প্ৰতিবাদকাৰী ছাত্ৰ-ছাত্ৰীসকলে(Students protest against not following traffic rules) ৷ অভিযোগ মতে পূৰ্বে মূলপথত তীব্ৰবেগী যান-বাহন চলাচলৰ ফলত দুৰ্ঘটনাগ্ৰস্ত হৈছিল বহু কটনিয়ান ৷

কটন বিশ্ববিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীৰ বিক্ষোভ প্ৰদৰ্শন

প্ৰতিবাদকাৰী কটনীয়ানৰ অভিযোগ মতে, দীৰ্ঘদিন ধৰি ক্লজ কেম্পাছৰ দাবী উত্থাপন কৰি অহা হৈছিল যদিও বিভাগীয় কৰ্তৃপক্ষই এই ক্ষেত্ৰত কোনো গুৰুত্ব প্ৰদান কৰা নাই ৷

নিয়ম অনুসৰি কটন বিশ্ববিদ্যালয়ৰ পথত হৰ্ণ বজোৱাৰ ক্ষেত্ৰত নিষেধাজ্ঞাৰ লগতে সেই স্থানত পাৰ্কিঙত বাধা আৰোপ কৰা হৈছে যদিও এইবোৰ নীতি নিয়ম নামানি তীব্ৰ গতিত যান-বাহন চলাচলৰ লগতে হৰ্ণ বজোৱাৰ ফলত শ্ৰেণীকোঠাত অধ্যয়নত যথেষ্ঠ অসুবিধা সন্মূখীন হয় ছাত্ৰ-ছাত্ৰীসকল । যাৰ বাবে এই ক্ষেত্ৰত যান বাহন নিয়ন্ত্ৰণ শাখাৰ আৰক্ষীয়ে কোনো গুৰুত্ব প্ৰদান নকৰাত মংগলবাৰে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে কটন বিশ্ববিদ্যালয়ৰ একাংশ ছাত্ৰ-ছাত্ৰীসকলে(Cotton University students protest against traffic police) ৷

লগতে পঢ়ক :বিশুদ্ধ খোৱাপানী বিচাৰি শ্ৰেণীকোঠা এৰি প্ৰতিবাদত নামিল ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ছাত্ৰ সমাজ

ABOUT THE AUTHOR

...view details