গুৱাহাটী, 27 নৱেম্বৰ : পুনৰ বিতৰ্কত কটনিয়ান ৷ কটন বিশ্ববিদ্যালয়ৰ মহেন্দ্ৰনাথ ডেকা ফুকন ছাত্ৰাবাসৰ আৱাসীৰ বিৰুদ্ধে নিশাৰ ভাগত এগৰাকী মহিলাক প্ৰহাৰ কৰাৰ অভিযোগ উত্থাপিত হৈছে ৷ এগৰাকী মহিলাক প্ৰহাৰ কৰাৰ অভিযোগ হোষ্টেলৰ ছাত্ৰৰ বিৰুদ্ধে ৷ ঘটনা সন্দৰ্ভত নিশাই পানবজাৰ থানাত ভুক্তভোগী মহিলাগৰাকীয়ে এজাহাৰ দাখিল কৰিছে ৷
ইফালে মহিলা গৰাকীৰ সমগ্ৰ অভিযোগ নস্যাৎ ছাত্ৰাৱাসটোৰ আৱাসীৰ ৷ সমগ্ৰ অভিযোগ পোনছাটেই নাকচ কৰিছে ছাত্ৰাবাটোৰ আৱাসী সকলে ৷ আৱাসী সকলৰ মন্তব্য- ছাত্ৰাবাসৰ ভিতৰত এজন অচিনাক্ত ব্যক্তি প্ৰৱেশ কৰিছিল ৷ আবাসৰ ভিতৰত সোমোৱা ব্যক্তিজনৰ লগত অহা আন এজন ব্যক্তি বাহিৰত ৰৈ আছিল ৷ তেতিয়া ভিতৰত প্ৰৱেশ কৰা ব্যক্তিজনক হোষ্টেলৰ পৰা উলিয়াই দিয়া হৈছিল আৰু ব্যক্তি দুগৰাকী দৌৰি পলাবলৈ চেষ্টা কৰিছিল ৷ দৌৰি যাওঁতেই মহিলাগৰাকীক খুন্দিয়াই বাগৰি পৰিছিল ব্যক্তি দুজন ৷ এই দুজন ব্যক্তিক হোষ্টেলৰ আৱাসী বুলি ভাবি কটন বিশ্ববিদ্যালয়ৰ ছাত্ৰাৱাসৰ আৱাসীয়ে মাৰপিট কৰা বুলি অভিযোগ উত্থাপিত হৈছে ৷
আৱাসী সকলে কয় যে, যিহেতু হোষ্টেলত চি চি টিভিৰ স্থাপন কৰা আছে, গতিকে আবাসৰ কোনো আৱাসীয়েই নিশা 9 বজাৰ পিছত বাহিৰলৈ নোলায় ৷ ইতিমধ্যে হোষ্টেলটোৰ সৰহ সংখ্যক আৱাসীয়েই বিশ্ববিদ্যালয় বন্ধ বাবে ঘৰলৈ গৈছে ৷ গতিকে বৰ্তমান কেইজনমান আৱাসীহে ছাত্ৰাবাসটোত আছে ৷