অসম

assam

Cotton University Student Union Election 2023: কটন বিশ্ববিদ্যালয়ত নিৰ্দলীয় প্ৰাৰ্থীৰ জয় যাত্ৰা

By ETV Bharat Assamese Team

Published : Oct 19, 2023, 6:56 PM IST

বৃহস্পতিবাৰে ঘোষণা কৰা হ’ল কটন বিশ্ববিদ্যালয়ৰ ছাত্র একতা সভাৰ নিৰ্বাচনৰ ফলাফল । সভাপতি পদত নিৰ্দলীয় প্ৰাৰ্থী হিমাংশু কুমাৰ দাস, সাধাৰণ সম্পাদক পদত নিৰ্দলীয় প্ৰাৰ্থী জাভেদ আখটাৰৰ জয়লাভ কৰে ।

Cotton University Student Union Election 2023
কটন বিশ্ববিদ্যালয়ত নিৰ্দলীয় প্ৰাৰ্থীৰ জয় যাত্ৰা

কটন বিশ্ববিদ্যালয়ত নিৰ্দলীয় প্ৰাৰ্থীৰ জয় যাত্ৰা

গুৱাহাটী, 19 অক্টোবৰ :কোৱা হয় অসমৰ ৰাজনৈতিক পথাৰত ভৰি দিবলৈ হ’লে ছাত্ৰ ৰাজনীতিত জড়িত হোৱাৰ প্ৰয়োজন আছে ৷ কটন বিশ্ববিদ্যালয়ৰ ছাত্ৰ একতা নিৰ্বাচনত জয়ী হোৱা মানে অনানুষ্ঠানিকভাৱে ৰাজনৈতিক পথাৰত ভৰি দিয়া বুলিয়ে গন্য কৰা হয় ৷

বহুচৰ্চিত কটন বিশ্ববিদ্যালয় ছাত্ৰ একতা সভাৰ নিৰ্বাচনৰ ফলাফল বৃহস্পতিবাৰে ঘোষণা কৰা হয় ৷ 8,976 গৰাকী কটনিয়ানে নিৰ্ণয় কৰিলে মুঠ 35 জন প্রাৰ্থীৰ ভাগ্য । আজি ঘোষণা কৰা কটন বিশ্ববিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ নিৰ্বাচনৰ ফলাফলত সভাপতি পদত জয়লাভ কৰে হিমাংশু কুমাৰ দাসে (নিৰ্দলীয়) ৷ আনহাতে সাধাৰণ সম্পাদক পদত জয়লাভ কৰে জাভেদ আখটাৰে (নিৰ্দলীয়) আৰু উপ-সভাপতি পদত জয়ী হয় অক্ষয়তা দাসে (নিৰ্দলীয়) ৷

ইফালে সহ-সাধাৰণ সম্পাদক পদত গাৰ্গী শৰ্মা, লঘু ক্ৰীড়া সম্পাদক পদত মাপানি লামগু, কটনিয়ানৰ সম্পাদক পদত শৃন্জনা শৰ্মা, ক্ৰিকেট সম্পাদকৰ পদত কৰন শৰ্মা, তৰ্ক সম্পাদক পদত অংকিতা শৰ্মা বৰদলৈ, ছাত্ৰ জিৰণি কোঠাৰ সম্পাদক পদত মমৰেজ আলীয়ে জয়লাভ কৰে ৷ শৰীৰ চৰ্চা সম্পাদকৰ পদত ৰাহুল ছেত্ৰী, সমাজ সেৱা সম্পাদকৰ পদত লোৱালি প্ৰিয়ম পৰাশৰ, এথলেটিক সম্পাদক পদত লক্ষী প্ৰভা পেগু, সংগীত সম্পাদক পদত আকাংক্ষা দাসে জয়লাভ কৰে ৷

এই বৰ্ষৰ কটন বিশ্ববিদ্যালৰ ছাত্ৰ একতা সভাৰ নিৰ্বাচনত সভাপতি পদৰ বাবে প্ৰাৰ্থিত্ব আগবঢ়াইছিল 3 গৰাকী প্রাৰ্থীয়ে । সমান্তৰালভাৱে সাধাৰণ সম্পাদক পদতো প্রতিদ্বন্দ্বিতা আগবঢ়াইছিল 3 গৰাকী প্রাৰ্থীয়ে । উল্লেখযোগ্য যে যোৱা, 17 অক্টোবৰত অনুষ্ঠিত হৈছিল ঐতিহ্যমণ্ডিত কটন বিশ্ববিদ্যালয়ৰ ছাত্ৰ একতা সভা নিৰ্বাচনৰ ভোট গ্ৰহণ ।

উল্লেখ্য যে, প্ৰতিবাৰৰ দৰে এইবাৰো এন এছ ইউ আই, এ বি ভি পি, আছুৰ সমৰ্থিত প্ৰাৰ্থীয়ে বিভিন্ন পদত প্ৰতিদ্বন্দিতা আগবঢ়াইছিল ৷ কিন্তু ৰাজনৈতিক দলৰ সমৰ্থিত প্ৰাৰ্থীক প্ৰত্যাখান কৰি সভাপতি, সাধাৰণ সম্পাদকৰ দৰে গুৰুত্বপূৰ্ণ পদত নিৰ্দলীয় প্ৰাৰ্থীক জয়ী কৰালে কটনিয়ানে ৷

লগতে পঢ়ক:Protest at Chachal: উচ্ছেদ স্বত্বেও কিয় বানমুক্ত নহ’ল গুৱাহাটী: প্ৰশ্ন ৰাইজৰ

ABOUT THE AUTHOR

...view details