গুৱাহাটী, 5 জানুৱাৰী :মঙলবাৰে ভোটগ্ৰহণ কাৰ্য সম্পন্ন হয় কটন বিশ্ববিদ্যালয়ত ৷ বুধবাৰে হ’ব ভোটগণনা ৷ ইয়াৰ পূৰ্বে মঙলবাৰে নিশা কটনৰ হোষ্টেলৰ পৰিৱেশ উত্তপ্ত কৰি তোলে এদল ছাত্ৰই (Election related clash at Cotton University) ৷
প্ৰাপ্ত খবৰ অনুসৰি, নিশা প্ৰায় 12 বজাত সীতানাথ ব্ৰহ্ম চৌধুৰী ছাত্ৰাৱাসৰ একাংশ আৱাসীয়ে অশ্ৰাব্য গালি-গালাজ পাৰি কাষতে লাগি থকা বিশ্ববিদ্যালয়ৰ মহেন্দ্ৰ নাথ ডেকা ফুকন ছাত্ৰাৱাসলৈ লক্ষ্য কৰি শিল, বটল, লাঠী আদি দলিয়ায় (Cotton University hostel boarders clash) ৷
আৱাসীসকল নিশা শুই থকা অৱস্থাত আক্ৰমণ কৰে উন্মত্ত ছাত্ৰসকলে ৷ আৱাসীক আক্ৰমণৰ লক্ষ্য লৈয়েই হোষ্টেলৰ খিৰিকীৰে সুৰাৰ বটল পৰ্যন্ত মাৰি পঠিয়াই আক্ৰমণকাৰীয়ে (Hostel boarders clash over student election at Cotton) ৷
অৱশ্যে কোনো হোষ্টেল আৱাসী আঘাতপ্ৰাপ্ত হোৱাৰ খবৰ পোৱা নাই ৷ প্ৰাণৰ শংকাত হোষ্টেলৰ আৱাসীসকলে নিশা কোঠা এৰি গ্ৰাউণ্ডত অৱস্থান কৰে ৷ আনহাতে, এই আক্ৰমণৰ সন্দৰ্ভত বিশ্ববিদ্যালয় কৰ্তৃপক্ষক আৱাসীসকলে অৱগত কৰে যদিও কৰ্তৃপক্ষই কোনো গুৰুত্ব নিদিয়াৰ অভিযোগ তুলিছে MNDP ছাত্ৰাৱাসৰ আৱাসীসকলে ৷
লগতে পঢ়ক :Cotton University Election 2022 : নিৰ্বাচনীৰ গৰম বতাহত উদুলি-মুদুলি কটন