গুৱাহাটী, 5 মাৰ্চ:পুনৰ বিতৰ্কত কটন বিশ্ববিদ্যালয় (Cotton university controversy)। ৰে’ল কৰ্মচাৰীক প্ৰহাৰ কৰা ঘটনাৰ পিচতেই এইবাৰ বিজেপিৰ নেতাক প্ৰহাৰ কৰে কটন বিশ্ববিদ্যালয়ৰ এম এন ডি পি হোষ্টেলৰ ছাত্ৰই (Cotton Student hooliganism)৷
ইতিমধ্যে শনিবাৰে বিয়লি পানবজাৰ আৰক্ষীয়ে আৰক্ষীয়ে এই ঘটনাৰ লগত তিনি ছাত্ৰক আটক কৰিবলৈ সক্ষম হৈছে ৷ ধৃত কটনিয়ানকেইজন ক্ৰমে এম এন ডি পি হোষ্টেলৰ মৃগাংক কাশ্যপ, ঋষিকেশ দাস, মৌচম মহন্ত । ষষ্ঠ ষান্মাসিকৰ ছাত্ৰ আছিল তিনি অভিযুক্ত (3 Cottonians detained)৷
দেওবাৰে ধৃত তিনি ছাত্ৰকে আদালতত হাজিৰ কৰি এদিনৰ জিন্মাত লয় পানবজাৰ আৰক্ষীয়ে । উল্লেখ্য যে, শুকুৰবাৰে নিশা প্ৰায় ১২ বজাত বিজয় পাঠক নামৰ এজন বিজেপিৰ নেতা খোজকাঢ়ি গৈ থকা অৱস্থাত বাইকেৰে আহি থকা তিনি ছাত্ৰৰ বাইকখন পাঠকৰ ভৰিত লাগি যায় । লগে লগে বিজেপিৰ নেতাজনে ছাত্ৰকেইজনক এই কথা ওলোটাই ধৰোতে বাক বিতণ্ডাই ভয়ংকৰ ৰূপ লয় (Cotton Students beaten BJP Leader)৷
লগে লগে ছাত্ৰজনে খঙত টিঙিৰ তুলা হৈ বিজয়ক পথতে গুৰুলা গুৰুলকৈ প্ৰহাৰ কৰে ৷ এই আক্ৰমণত গুৰুতৰভাৱে আহত হয় বিজেপি নেতাজন ৷ আহত নেতাজনৰ শৰীৰত মুঠতে 17 চিলাই পৰিছে তেওঁ জানিবলৈ দিছিল ৷ লগতে নেতাকেইজনে কয় যে ছাত্ৰকেইজনৰ প্ৰহাৰত প্ৰচুৰ ৰক্তক্ষৰণ হৈছিল নেতাগৰাকীৰ ৷