গুৱাহাটী, 1 ডিচেম্বৰঃ নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে সংগ্ৰাম অব্যাহত আছে কটনিয়ানৰ । বিগত কেইবাদিন ধৰি অহৰহভাবে প্ৰতিবাদ কৰি আহিছে কটনৰ ছাত্ৰ-ছাত্ৰী সকলে । দেওবাৰেও কটন ছাত্ৰ একটা সভাৰ ছাত্ৰ-ছাত্ৰীসকলে কেবৰ বিৰুদ্ধে সমৰ্থন আদায়ৰ উদ্দেশ্যে কেইবাগৰকী সাংসদ আৰু বিধায়কক সাক্ষাৎ কৰে ।
কেবৰ বিৰুদ্ধে সমৰ্থন আদায়ৰ স্বাৰ্থত সাংসদ-বিধায়কৰ কাষত কটনিয়ান
দেওবাৰেও কটন ছাত্ৰ একটা সভাৰ ছাত্ৰ-ছাত্ৰীসকলে কেব সন্দৰ্ভত কেইবাগৰকী সাংসদ আৰু বিধায়কক সাক্ষাৎ কৰে
কেবৰ বিৰুদ্ধে সংগ্ৰাম অব্যাহত কটনিয়ানৰ
নগাঁৱৰ সাংসদ প্ৰদ্যুৎ বৰদলৈক সাক্ষাৎ কৰি নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে কটনিয়ানে সকলো প্ৰকাৰৰ চেষ্টা চলাই যাব বুলি মন্তব্য কৰে । সাংসদ প্ৰদ্যুৎ বৰদলৈৰ পৰাও কিছু উপদেশ লয় ছাত্ৰ-ছাত্ৰী সকলে । লগতে সংসদ আব্দুল খালেককো সাক্ষাৎ ধৰি CAB ৰ বিৰুদ্ধে লোকসভাৰ মজিয়াত সবল স্থিতি ল'বলৈ আহ্বান জনাই কটন বিশ্ববিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী সকলে ।