অসম

assam

By

Published : Feb 17, 2021, 8:29 PM IST

ETV Bharat / state

সৰস্বতী পূজাৰ নিশা কি হৈছিল কটনৰ সন্মুখত ?

সৰস্বতী পূজাৰ নিশা ৰাজপথত হাতে হাতে ৰ'ড, বাঁহ লৈ ব্যৱসায়ীৰ সৈতে মাৰপিটত লিপ্ত হয় একাংশ কটনিয়ান ছাত্ৰ । ঘটনাৰ বিৱৰণ অনুসৰি কটনৰ সন্মুখত থকা এখন ফাষ্টফুড ৰেষ্টোৰেণ্টত এজন ছাত্ৰই খাবলৈ পানী বিচাৰিছিল। কিন্তু খাবলৈ পানী দিয়াৰ নাছিল ফাষ্টফুডৰ মালিকজনে ৷

Cotton college student violence
সৰস্বতী পূজাৰ নিশা কি হৈছিল কটনৰ সন্মুখত ?

গুৱাহাটী, ১৭ ফেব্ৰুৱাৰীঃপুনৰ বিতৰ্কৰ আৱৰ্তত কটনিয়ান। সৰস্বতী পূজাৰ নিশা ৰাজপথত হাতে হাতে ৰ'ড, বাঁহ লৈ ব্যৱসায়ীৰ সৈতে মাৰপিটত লিপ্ত হয় একাংশ কটনিয়ান ছাত্ৰ ।

ঘটনা বিৱৰণ অনুসৰি কটনৰ সন্মুখত থকা এখন ফাষ্টফুড ৰেষ্টোৰেণ্টত এজন ছাত্ৰই খাবলৈ পানী বিচাৰিছিল । কিন্তু খাবলৈ পানী দিয়াৰ নাছিল ফাষ্টফুডৰ মালিকজনে ৷ লগতে ছাত্ৰজনক হিন্দী ভাষাত কথা কৈছিল ৷ খাবলৈ পানী নিদিয়া আৰু হিন্দী ভাষাত কথা কোৱাৰ বাবে যুক্তি তৰ্কত লিপ্ত হৈছিল ফাষ্টফুডৰ মালিক আৰু ছাত্ৰজন ৷

পৰৱৰ্তী সময়ত এই যুক্তি তৰ্কই দুয়োৰে মাজত সংঘাটৰ সৃষ্টি কৰে ৷ স্থানীয় লোকে সদৰি কৰা মতে, ছাত্ৰজনে অসুৰক্ষিত অনুভৱ কৰি লগৰীয়াক খবৰ দিয়াত হাতে হাতে ৰ'ড, লাঠি লৈ উলাই আহে কুৰিৰো অধিক ছাত্ৰ ৷ ইয়াৰ পিচতে ফুটপাথত থকা কেবাখনো ফাষ্টফুড ৰেষ্টোৰেণ্ট ভাঙি লণ্ড-ভণ্ড কৰে ছাত্ৰ সকলে ৷

উল্লেখ্য যে, সমীৰ আহমেদ নামৰ ৰেষ্টোৰেণ্টখনৰ মালিকজন এই সংঘাটত গুৰুৰ্তৰভাৱে আঘাটপ্ৰাপ্ত হয় । জানিব পৰা মতে ছাত্ৰকেইজন কটন কলেজৰ সীতাৰাম ব্ৰহ্ম চৌধুৰী ছাত্ৰাবাসৰ আছিল ।

ইতিমধ্যে, এই ঘটনাৰ সন্দৰ্ভত এজন ছাত্ৰক পানবজাৰ আৰক্ষীয়ে আটক কৰিছে ৷ সমান্তৰালভাৱে এই সমগ্ৰ ঘটনাৰ সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে পানবজাৰ আৰক্ষীয়ে ৷

লগতে পঢ়ক : প্ৰাণৰ উৎসৱ লৃগাংঙক লৈ পাৰভঙা উছাহ জোনাইত

ABOUT THE AUTHOR

...view details