অসম

assam

ETV Bharat / state

দুৰ্নীতি : পঞ্চায়ত-গ্ৰামোন্নয়নত একেলগে নিলম্বিত বহুজনক

পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ আয়ুক্ত বিক্ৰম কৈৰীয়ে এক নিৰ্দেশ যোগে দুৰ্নীতি আৰু অনিয়মৰ অভিযোগত পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ বহুকেইজন বিষয়াক সোমবাৰে নিলম্বন কৰাৰ লগতে কেইবাজনকো চাকৰিৰ পৰা অব্যাহতি দিয়া হয় ।

By

Published : Nov 1, 2021, 6:30 PM IST

corruption charge against panchayat and rural development officers
দুৰ্নীতিঃ পঞ্চায়ত-গ্ৰামোন্নয়নত একেলগে নিলম্বিত বহুজনক

গুৱাহাটী, ১ নৱেম্বৰ : দুৰ্নীতি আৰু অনিয়মৰ অভিযোগত পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ বহুকেইজন বিষয়াক সোমবাৰে একেলগে চাকৰিৰ পৰা নিলম্বন কৰাৰ লগতে কেইবাজনকো চাকৰিৰ পৰা অব্যাহতি দিয়া হয় । পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ আয়ুক্ত বিক্ৰম কৈৰীয়ে এক নিৰ্দেশ যোগে এইসকল বিষয়াক নিলম্বন কৰে ।

সেইমৰ্মে নলবাৰী জিলাৰ বৰক্ষেত্ৰী উন্নয়ন খণ্ডত অস্থায়ীভাৱে কৰ্মৰত তিনিগৰাকী অভিযন্তা ক্ৰমে আমানুৰ ৰহমান, আতিকুৰ ৰহমান আৰু আব্দুল কৰিমক তাৎক্ষনিকভাৱে দুৰ্নীতিৰ অভিযোগত অব্যাহতি দিয়া হৈছে । বৰক্ষেত্ৰী উন্নয়ন খণ্ডত কৰ্মৰত কম্পিউটাৰ অপাৰেটৰ মতিউৰ ৰহমান আৰু সুৰজিৎ বৰ্মনকো অব্যাহতি দিয়া হৈছে দুৰ্নীতিৰ অভিযোগত ।

ধুবুৰী জিলাৰ গৌৰীপুৰ উন্নয়ন খণ্ডৰ অভিযন্তা কুন্তলা বৰ্মনকো দুৰ্নীতি-অনিয়মৰ অভিযোগত চাকৰিৰ পৰা অব্যাহতি দিয়া হৈছে ।

আনহাতে, বৰক্ষেত্ৰী উন্নয়ন খণ্ডৰ পূৰ্বৰ গাণনিক তথা বৰ্তমান নলবাৰী উন্নয়ন খণ্ডত গাণনিক হিচাপে কৰ্মৰত অমৰেন্দ্ৰ গোস্বামীকো চাকৰিৰ পৰা নিলম্বন কৰা হৈছে‌ । নিলম্বন কৰা হৈছে জীয়াগাভৰু গাঁও পঞ্চায়তৰ সচিব হলধৰ হালৈক । একেদৰে, অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা মিছনৰ চীফ অপাৰেটিং অফিচাৰ অমৃত কুমাৰ বৰাকো দুৰ্নীতিৰ অভিযোগত চাকৰিৰ পৰা অব্যাহতি দিয়া হৈছে ।

লগতে পঢ়ক :ৰেষ্টুৰেণ্টত খাদ্য গ্ৰহণ কৰিলে ভৰিব লাগিব অতিৰিক্ত ধন !

ABOUT THE AUTHOR

...view details