গুৱাহাটী,১২ মার্চ:ৰাজ্যত অব্যাহত আছে বনজ সম্পদৰ ধ্বংসযজ্ঞ । এই ক্ষেত্ৰত নিৰ্বিকাৰ বন বিভাগ । কিন্তু বন বিভাগৰ একাংশ ঘোচখোৰ বিষয়া-কৰ্মচাৰীৰ ছত্ৰছায়াতে বনজ সম্পদৰ ৰমৰমীয়া বেহা অব্যাহত থকাৰ অভিযোগ উত্থাপন হৈছে । শেহতীয়াকৈ এই কথা পোহৰলৈ আহিছে মহানগৰীৰ বশিষ্ঠত(Corrupt forest officer in Basistha) । অবৈধভাৱে ৰঙা মাটি কঢ়িওৱা ডাম্পাৰৰ চালক তথা ডাম্পাৰৰ গৰাকীৰ সৈতে বন বিভাগৰ কৰ্মচাৰীয়ে ডাম্পাৰ জব্দ কৰা নকৰা সন্দৰ্ভত পতা কথা-বতৰাৰ ভিডিঅ’ পোহৰলৈ আছে ।
অভিযোগ অনুসৰি বশিষ্ঠস্থিত পূব-কামৰূপ বন সংমণ্ডল প্ৰাধিকাৰীৰ বন সুৰক্ষা বাহিনীৰ ভাৰপ্ৰাপ্ত মুৰব্বী ৰাহুল বৰ্মন আৰু জব্দকৃত এখন ডাম্পাৰৰ চালক-গৰাকীৰ সৈতে পতা কথা-বতৰাৰ ভিডিঅ' ভাইৰেল হৈ পৰিছে(Unlawful act of Basistha forest officer) । শনিবাৰৰ দিনটোত বিভাগটোৱে এখন অবৈধভাৱে ৰঙা মাটি কঢ়িওৱা ডাম্পাৰ জব্দ কৰে । তাৰ পাছতে ভাইৰেল হোৱা বাৰ্তালাপত ৰাহুল বৰ্মন নামৰ বিষয়াজনে এখন ডাম্পাৰৰ চালক আৰু গৰাকীক কয় যে 'সন্ধিয়া সাত বজাৰ আগতে মই সকলোকে এলাৰ্ট কৰি থৈছো । এলাৰ্ট কৰাৰ পিছত আগত পৰিলে মোৰ উপায় নাই । মই গাড়ী ধৰিবই লাগিব ।'