গুৱাহাটী, ৮ ছেপ্টেম্বৰ :ৰাজ্যৰ প্ৰায় ৪৯ টা নিগম-নিকায়ৰ অধিকাংশতে নতুন অধ্যক্ষ আৰু উপাধ্যক্ষ নিযুক্তি দিবলৈ সাজু হৈছে ৰাজ্য চৰকাৰ । স্বাভাৱিকভাৱে চলি অহা পৰম্পৰা অনুসৰি এনে নিগম-নিকায় সমূহৰ অধ্যক্ষ আৰু উপাধ্যক্ষ পদসমূহৰ নিযুক্তি ৰাজনৈতিকভাৱে হৈ আহিছে । এইবাৰো ইয়াৰ ব্যতিক্ৰম নহ'ব ।
কিন্তু মনকৰিবলগীয়া কথাটো হ'ল চৰকাৰে নতুনকৈ নিযুক্তি দিবলৈ ওলোৱা এই অধ্যক্ষ আৰ উপাধ্যক্ষ পদৰ বেছিভাগতেই অগ্ৰাধিকাৰ পোৱাৰ সম্ভাৱনা আছে ন-বিজেপি নেতাই । দিছপুৰৰ এক শীৰ্ষ সূত্ৰৰ পৰা প্ৰাপ্ত তথ্য অনুসৰি মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই (Himanta Biswa Sarma) শেহতীয়া কাৰ্বি চুক্তি স্বাক্ষৰৰ সময়ত দিল্লীত বাহৰ পাতি থাকোতেই দলৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডা (J P Nadda) আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ (Amit Shah) সৈতে এই প্ৰসংগত আলোচনাত বহিছিল ।