গুৱাহাটী, 25 মাৰ্চঃ কৰ'ণা সন্দেহত এজন যুৱকক লৈ মহানগৰীত আৰক্ষীৰ আলাই-আথানি । যুৱকজনৰ হাতত বিশেষ ষ্টাম্প থকাৰ বাবেই সৃষ্টি হয় এই পৰিস্থিতিৰ । ওদালগুৰিৰ এই যুৱকজনৰ নাম লকেন বসুমতাৰী । যুৱকজনে জনোৱা অনুসৰি দেউতাকৰ চিকিৎসাৰ বাবে মহানগৰীৰ ভঙাগড়স্থিত নেমকেয়াৰ হস্পিতালত যাবলৈ আহিছিল । গুৱাহাটীলৈ আহি থকা অৱস্থাত ডুমুনীচৌকিত স্বাস্থ্য বিভাগৰ দলে ষ্টাম্প মাৰি দিয়ে যুৱকজনৰ হাতত । তেওঁৰ অভিযোগ কোনো পৰীক্ষা নকৰাকৈয়ে ঘৰৰ ভিতৰতে সোমাই থকাৰ বাবে ষ্টাম্প মাৰি দিছে স্বাস্থ্য বিভাগৰ দলে । যাৰ বাবে মহানগৰীৰ ভৰলুমুখত আৰক্ষীয়ে বাধা দিয়ে যুৱকজনক । এই বিশেষ ষ্টাম্প প্ৰত্যক্ষ কৰি আৰক্ষীয়েও কিছু পৰিমাণে বিপাঙত পৰে মহানগৰ আৰক্ষী ।
COVID-19: এজন যুৱকক লৈ বিপাঙত ভৰলুমুখ আৰক্ষী - কৰ'ণা ভাইৰাছ
বুধবাৰে এজন যুৱকক লৈ মহানগৰীত আৰক্ষীৰ আলাই-আথানি ৷ যুৱকজনৰ হাতত বিশেষ ষ্টাম্প থকাৰ বাবেই সৃষ্টি হয় এই পৰিস্থিতিৰ ৷
COVID-19: এজন যুৱকক লৈ বিপাঙত ভৰলুমুখ আৰক্ষী