গুৱাহাটী,2 জানুৱাৰীঃ শনিবাৰে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত হাস্পতালত চিকিৎসক আৰু নাৰ্চৰ সকলক লৈ কৰ’ণাৰ প্ৰতিষেধক প্ৰদানৰ এক অনুশীলন সম্পন্ন কৰা হয় ৷ সাধাৰণ জনতাক এই প্ৰতিষেধক প্ৰদান কৰাৰ পূৰ্বে চিকিৎসালয় খনৰ চিকিৎসক কৰ্মচাৰী সকলে কৰিলে এই অনুশীলন ৷ কিয়নো প্ৰতিষেধক প্ৰদানৰ সময়চোৱাত যাতে কোনোধৰণৰ বিসংগতিয়ে দেখা নিদিয়ে তাৰ বাবেই প্ৰতিষেধক আহি পোৱাৰ পূৰ্বেই বিশেষজ্ঞৰ নিৰীক্ষণত চিকিৎসাকৰ্মী সকলক লৈ প্ৰতিষেধক প্ৰদানৰ বাবে কৰা হ’ল এই অনুশীলন ৷
GMCH ত ক’ৰণাৰ প্ৰতিষেধক প্ৰদানৰ পূৰ্বে অনুশীলন - চিকিৎসালয়খনত চিকিৎসাকৰ্মী
সাধাৰণ জনতাক ক’ৰণাৰ প্ৰতিষেধক প্ৰদানৰ প্ৰাকমূহুৰ্তত চিকিৎসালয় খনৰ চিকিৎসক আৰু নাৰ্চ সকল মাজত এক অনুশীলন সম্পন্ন ৷ কিয়নো প্ৰতিষেধক প্ৰদানৰ সময়চোৱাত যাতে কোনোধৰণৰ বিসংগতিয়ে দেখা নিদিয়ে তাৰ বাবেই চলোৱা হ’ল এই অনুশীলন ৷
![GMCH ত ক’ৰণাৰ প্ৰতিষেধক প্ৰদানৰ পূৰ্বে অনুশীলন GMCH ত ক’ৰণাৰ প্ৰতিষেধক প্ৰদানৰ পূৰ্বে অনুশীলন](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-10092094-210-10092094-1609580027310.jpg)
উল্লেখযোগ্য যে, ভেকচিন প্ৰদান কৰোতে 10 আৰু 30 মিনিটকৈ নিৰীক্ষণত ৰাখিব লাগিব প্ৰতিগৰাকী লোকক ৷ সেয়েহে প্ৰতিষেধক প্ৰদানৰ সমগ্ৰ প্ৰক্ৰিয়াটোত হ’ব পৰা সম্ভাব্য বিসংগতি সমূহ দূৰ কৰিবলৈকে এইদৰে অনুশীলনৰ ব্যৱস্থা কৰা হৈছে বুলি মন্তব্য কৰিলে স্বাস্থ্য বিভাগৰ প্ৰধান সচিব সমীৰ সিনহাই ৷ একেদৰে মহামাৰী ক’ৰণাৰ ভেকচিন ৰাজ্যত কেনেধৰণে প্ৰদান কৰিব আৰু কোন সকল লোকক অগ্ৰাধিকাৰ দিয়া হ'ব তাক লৈও মন্তব্য কৰিলে জি এম চি এইচৰ অধীক্ষক অভিজিত শৰ্মাই ৷
লগতে পঢ়কঃ অসমৰ এটা চেনেলে কেতিয়াও কংগ্ৰেছৰ ভাল কথা নকয়: ৰিপুণ বৰা