গুৱাহাটী, ১১ জুলাইঃ বদৰুদ্দিন আজমলৰ শুভাকাংশী তথা অনুৰাগী সকললৈ সুখবৰ ৷ কৰ'ণা হোৱা নাই সাংসদ বদৰুদ্দিন আজমলৰ ৷ উল্লেখ্য যে, 4 জুলাইত সাংসদ গৰাকীৰ স্বাৱ পৰীক্ষা কৰা হৈছিল,তাৰ ফলাফল নিগেটিভ আহে ৷
ইপিনে তিনিদিন পূৰ্ৱে স্বাৱ পৰীক্ষা কৰা বৰপেটা সমষ্টিৰ প্ৰাক্তন সাংসদ,যমুনামুখ সমষ্টিৰ প্ৰাক্তন বিধায়ক চিৰাজুদ্দিন আজমলৰ দেহত ধৰা পৰিছে COVID-19 ৷ সম্প্ৰতি মুম্বাইৰ এখন ব্যক্তিগত হাস্পতালত চিকিৎসাধীন হৈ আছে চিৰাজুদ্দিন আজমল ।