গুৱাহাটী, 14 জুলাই : "গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰৰ এটা কোঠাত ভিতৰতে ৰখা হৈছে 50 জনকৈ কয়দীক ৷ প্ৰায় 95 শতাংশ কয়দী বৰ্তমান কৰ'ণাত আক্ৰান্ত ৷ সমগ্ৰ তথ্য গাপ দিয়াৰ চেষ্টা কৰিছে কাৰাগাৰ কতৃপক্ষই ৷" এই অভিযোগ গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰৰ এজন কয়দীৰ ৷
গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰৰ পৰা অহা এখন বিস্ফোৰক চিঠি - কৰ'ণাত আক্ৰন্ত গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰৰ 95% কয়দী
প্ৰায় 95 শতাংশ কয়দী বৰ্তমান কৰ'ণাত আক্ৰান্ত ৷ সমগ্ৰ তথ্য গাপ দিয়াৰ চেষ্টা কৰিছে কাৰাগাৰ কতৃপক্ষই ৷"
দৰাচলতে, সোমবাৰে নিশা গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰৰ পৰা কোভিড আক্ৰান্তসকলক হাস্পতাললৈ লৈ যোৱাৰ সময়তে সাংবাদিকক উদ্দেশ্যি জেলৰ এজন কয়দীয়ে পেলাই থৈ যায় এখন চিঠি ৷ চিঠিখনত উল্লেখিত অভিযোগ অনুসৰি কৰ'ণাৰ গণ সংক্ৰমণ হৈছে গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰত ৷ কয়দী দুদুল দাসে চিঠিখনত অভিযোগ কৰিছে যে, কাৰাগাৰৰ এটা কোঠাতে ৰখা হৈছে 50 জনতকৈ অধিক কয়দীক ৷ ইয়াৰোপৰি এটা কোঠাতে ৰখা হৈছে সকলো কোভিড পজিটিভ নিগেটিভ কয়দীক ৷ এই পৰ্যন্ত চিকিৎসাৰ কোনো ব্যৱস্থা কৰা নাই কাৰাগাৰ কতৃপক্ষই ৷ ইয়াৰোপৰি কাৰাগাৰ কতৃপক্ষই পাৰ্যমাণে এই বিষয়টো গাপ দিয়াৰ চেষ্টা কৰিছে বুলিও চিঠিখনত উল্লেখ কৰে কয়দীজনে ৷
লগতে পঢ়কঃভাং বিচাৰি মন্দিৰৰ গ্ৰীল ভাঙিলে চোৰে
TAGGED:
গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰ