গুৱাহাটী,16 মাৰ্চঃকৰ'ণা ভাইৰাছে বিশ্বৰ অৰ্থনৈতিক অৱস্থা শোচনীয় কৰি তোলাৰ সময়তে এই মাৰাত্মক ভাইৰাছৰ বাবে বৃহৎ লোকচানৰ সন্মুখীন হৈছে ৰাজ্যৰ পৰ্যটন বিভাগ । দিনক দিনে কৰ'ণা ভাইৰাছে সমগ্ৰ বিশ্বতে ভয়াবহ ৰূপ ধাৰণ কৰাত অসমলৈ যাতে এই ভাইৰাছ সংক্ৰমণ হ'ব নোৱাৰে ইয়াৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্য চৰকাৰে গ্ৰহণ কৰিছে কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত ।
কৰ'ণা ভাইৰাছ : বৃহৎ লোকচানৰ সন্মুখীন ৰাজ্যৰ পৰ্যটন বিভাগ - পৰ্যটন বিভাগৰ বৃহৎ ক্ষতিসাধন
এতিয়া পৰ্যটনৰ বাবে বছৰৰ অন্তিম সময় । বাৰিষাৰ আগমনৰ লগে লগে বন্ধ হৈ পৰিব ৰাজ্যৰ পৰ্যটন উদ্যোগ । মাৰ্চ মাহটো পৰ্যটন উদ্যোগৰ লগত জড়িত ব্যৱসায়ী সকলৰ উপাৰ্জনৰ সময় যদিও কৰ'ণা ভাইৰাছৰ বাবে বৰ্তমান বৃহৎ লোকচানৰ দিশে ৰাজ্যৰ পৰ্যটন উদ্যোগ।
চৰকাৰে ২৯ মাৰ্চ পৰ্যন্ত সকলো শিক্ষা অনুষ্ঠান বন্ধ কৰাৰ নিৰ্দেশনা জাৰি কৰাৰ লগতে ৰাইজক গণ সমাবেশৰ পৰা বিৰত থকাৰ আহ্বান জনাইছে । বন বিভাগে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ লগতে পবিতৰা অভয়াৰণ্য, মানাহ ৰাষ্ট্ৰীয় উদ্যান সম্পূৰ্ণৰূপে বন্ধ কৰিছে পৰ্যটকৰ বাবে । কৰ'ণা ভাইৰাছৰ বাবে পৰ্যটন বিভাগ আৰু বন বিভাগে দেশী-বিদেশী পৰ্যটক সকলৰ গতি বিধিৰ ওপৰত তীক্ষ্ণ নজৰ ৰখাৰ লগতে পৰ্যটক সকলৰ স্বাস্থ্যৰ পৰীক্ষাৰ আৰু সজাগতাৰ ওপৰতো গুৰুত্ব আৰোপ কৰিছে ।
কৰ'ণা ভাইৰাছৰ বাবে সমগ্ৰ বিশ্বৰে পৰ্যটন বিভাগ যথেষ্ট লোকচানৰ সন্মুখীন হোৱাৰ সমান্তৰালে ৰাজ্যৰ পৰ্যটন বিভাগৰো বৃহৎ ক্ষতিসাধন হ'ব । যি সময়ত ৰাজ্যৰ ৰাষ্ট্রীয় উদ্যান আৰু অভয়াৰণ্য সমূহৰ লগতে অন্যান্য পৰ্যটনস্থলী পৰ্যটকৰে ভৰি থাকে সেই সময়ত কৰ'ণা ভাইৰাছৰ আতংকৰ বাবে জনশূণ্য হৈ আছে পৰ্যটনস্থলী সমূহ ।