অসম

assam

ETV Bharat / state

কৰ'ণাৰ আতংক: উদং হৈ পৰিছে সদাব্যস্ত উত্তৰ পূব সীমান্ত ৰে'ল ষ্টেচন - উত্তৰ পূব সীমান্ত ৰে'ল ষ্টেচন

উল্লেখ্য যে, কৰ'ণা ভাইৰাছৰ বাবে ৰে'ল কৰ্তৃপক্ষই চিকিৎসক সাজু কৰি ৰখাৰ লগতে 1200 খন বিচনাৰ ব্যৱস্থা কৰিছে ৷

উত্তৰ পূব সীমান্ত ৰে'ল ষ্টেচন
উত্তৰ পূব সীমান্ত ৰে'ল ষ্টেচন

By

Published : Mar 15, 2020, 3:16 PM IST

গুৱাহাটী, 15 মাৰ্চ : সদাব্যস্ত উত্তৰ পূব সীমান্ত ৰে'ল ষ্টেচন। প্ৰতিদিনে প্ৰায় চল্লিছৰ পৰা পঞ্চাছ হাজাৰ লোকৰ সমাগমৰ লগতে সহস্ৰাধিক দোকান পোহাৰেৰে ব্যস্ত হৈ থাকে এই অঞ্চলটো । কিন্তু পূৰ্বতকৈ ব্যস্ততা হ্ৰাস পাইছে উত্তৰ পূব সীমান্ত ৰে'ল ষ্টেচনত । কৰ'ণা ভাইৰাছৰ আতংকৰ বাবে যাত্ৰীৰ সংখ্যা কমিছে উত্তৰ পূব গুৱাহাটী ৰে'ল ষ্টেচনত। পূৰ্বতে প্ৰতিদিনে 4 ৰ পৰা পাঁচ হাজাৰ যাত্ৰী একোখন কৈ ৰে'লত অহা যোৱা কৰিছিল ৷ কিন্তু এতিয়া খালী ৰে'লৰ ডবাৰে ষ্টেচনত উপস্থিত একো একোখনকৈ ৰে'ল।

লগতে পঢ়কঃ পশু-পক্ষীৰ পৰা সংক্ৰমিত নহয় কৰ'না: স্পষ্ট কৰি দিলে বিশেষজ্ঞ চিকিৎসকে

কৰ'ণা আতংকৰ বাবে এতিয়া এনেদৰে উকা হৈ পৰিছে উত্তৰ পূব সীমান্ত ৰে'ল ষ্টেচন । যাত্ৰীৰ সংখ্যা সেৰেঙা হোৱাৰ লগতে প্ৰতিজন যাত্ৰীয়ে মুখত মাস্ক ব্যৱহাৰ কৰা পৰিলক্ষিত হৈছে গুৱাহাটী ৰে'ল ষ্টেচনত । উত্তৰ পূব সীমান্ত ৰে'লৱেৰ জনসম্পর্কৰক্ষী বিষয়া নিপেন ভট্টাচাৰ্যই জানিবলৈ দিয়া অনুসৰি কৰ'ণা ভাইৰাছৰ আতংকৰ বাবেই যাত্ৰীৰ সংখ্যা কমিছে ৰে'ল ষ্টেচনত।

সকলো যাত্ৰীক বৰ্তমানলৈ কোনো স্বাস্থ্য পৰীক্ষাৰ বাবে ৰে'ল মন্ত্ৰণালয়ে নিৰ্দেশনা জাৰি কৰা নাই যদিও প্ৰতিটো ষ্টেচনত সজাগতামূলক শিবিৰ দিয়া হৈছে বুলি জানিবলৈ দিয়ে বিষয়াগৰাকীয়ে । উল্লেখ্য যে, কৰ'ণা ভাইৰাছৰ বাবে ৰে'ল কৰ্তৃপক্ষই চিকিৎসক সাজু কৰি ৰখাৰ লগতে 1200 খনকৈ বিচনাৰ ব্যৱস্থা কৰিছে ৷

ABOUT THE AUTHOR

...view details