গুৱাহাটী, 19 ডিচেম্বৰ :বিশ্ব মানৱ অধিকাৰ দিৱসৰ লগত সংগতি ৰাখি সমাজৰ বিভিন্ন ক্ষেত্ৰৰ কেইবাগৰাকীও ব্যক্তিলৈ শনিবাৰে 'কৰ'ণা যোদ্ধা' সন্মান আগবঢ়োৱা হয় ৷ আন্তঃৰাষ্ট্ৰীয় মানৱ অধিকাৰ পৰিষদৰ নাগৰিক ন্যায় বিভাগ, অসম ব'ৰ্ডৰ উদ্যোগত প্ৰদান কৰে এই সন্মান ৷ প্ৰশাসনিক বিষয়া,আৰক্ষী বিষয়া,কৰ্মী,চিকিৎসক,সমাজ সেৱক,স্বাস্থ্য কৰ্মীৰ লগতে সাংবাদিককে ধৰি যিসকল লোকে ৰাইজৰ হকে, ৰাইজক আৰ্থিক সহায়ৰ বাবে হাত আগবঢ়াইছে তেওঁলোকক 'কৰ'ণা যোদ্ধা' সন্মানেৰে সন্মানিত কৰিছে ৷
শনিবাৰে দিছপুৰ প্ৰেছ ক্লাৱত অনুষ্ঠিত এক সভাত নিৰ্বাচিত লোককেইগৰাকীক এই সন্মান প্ৰদান কৰা হয় ৷ গুৱাহাটীৰ ৭ গৰাকীকৈ সাংবাদিকক কৰ'ণা যোদ্ধা প্ৰসংশা পত্ৰ প্ৰদান কৰাৰ লগতে ফুলাম গামোছা আৰু জাপিৰে সন্মান জনায় ৷ অসমীয়া খবৰ কাকতৰ সংবাদিক প্ৰণৱ পাটোৱাৰী,অসমীয়া প্ৰতিদিন কাকতৰ সাংবাদিক মনোজ ডেকা, দৈনিক অসম কাকতৰ উপ-সম্পাদক ড৹ কুশল কলিতা, দৈনিক বাতৰি কাকতৰ উপ-সম্পাদক দ্বীপেন ভড়ালী, আমাৰ অসম কাকতৰ সাংবাদিক অনুপমা ডেকা, ফাষ্ট নিউজ ৰিপোৰ্টৰ সাংবাদিক দীপাঞ্জলি ডেকালৈ প্ৰদান কৰা হয় এই সন্মান ৷