অসম

assam

হিমন্ত বিশ্ব শৰ্মাই মোক পিছফালৰ পৰা চুৰি মাৰিলেঃ তৰুণ গগৈ

By

Published : Aug 19, 2020, 9:56 AM IST

"মই হিমন্ত বিশ্ব শৰ্মাক পিছফালৰ পৰা চুৰি মৰা নাছিলো, হিমন্ত বিশ্ব শৰ্মাইহে মাৰিছিল ৷ হিমন্ত বিশ্ব শৰ্মাৰ সৈতে শত্ৰুতা থকা হ’লে তেখেতক উপ-মুখ্যমন্ত্ৰী পতাৰ কথা চিন্তা নকৰিলোহেঁতেন" -তৰুণ গগৈ

Hotel Gateway Congress Core Committee meet
হিমন্ত বিশ্ব শৰ্মাই মোক পিছফালৰ পৰা চুৰি মাৰিলেঃ তৰুণ গগৈ

কামৰূপ মেট্ৰ’, 19 আগষ্টঃ মঙলবাৰে হোটেল গেটৱে' ইণ্ডিয়াত অনুষ্ঠিত হয় কংগ্ৰেছৰ ক’ৰ কমিটিৰ বৈঠক ৷ এই বৈঠকত উপস্থিত থাকে প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ, ৰকিবুল হুছেইন, ৰিপুন বৰা, অজন্তা নেওগ, প্ৰদ্যুত বৰদলৈ প্ৰমুখ্যে কেইবাগৰাকীয়ো নেতা ৷ এই অনুষ্ঠানত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে সৰৱ হৈ উঠে প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ ৷

হিমন্ত বিশ্ব শৰ্মাই মোক পিছফালৰ পৰা চুৰি মাৰিলেঃ তৰুণ গগৈ

বৈঠকত তৰুণ গগৈয়ে কয়, "মই হিমন্ত বিশ্ব শৰ্মাক পিছফালৰ পৰা চুৰি মৰা নাছিলো, হিমন্ত বিশ্ব শৰ্মাইহে মাৰিছিল ৷ হিমন্ত বিশ্ব শৰ্মাৰ সৈতে শত্ৰুতা থকা হ’লে তেখেতক উপ-মুখ্যমন্ত্ৰী পতাৰ কথা চিন্তা নকৰিলোহেঁতেন ৷ হিমন্ত বিশ্ব শৰ্মাই নিজৰ স্বাৰ্থ সিদ্ধি কৰিবলৈহে বিজেপি দলত যোগদান কৰিছে ৷"

আনহাতে, আগন্তুক বিধানসভা নিৰ্বাচনৰ বাবে এআইইউডিএফৰ সৈতে কংগ্ৰেছে মিত্ৰতা কৰিব বুলিও স্পষ্ট কৰি দিয়ে প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে ৷

লগতে পঢ়ক-অসমত পুনৰ গঠন হ'ব বিজেপি চৰকাৰঃ অশ্বিনী পাইট

ABOUT THE AUTHOR

...view details