গুৱাহাটী, 22 জানুৱাৰীঃ মঙলবাৰে ছাই ফিল্ডত খেল' ইণ্ডিয়াৰ বক্সিঙ প্ৰতিযোগিতাৰ অনন্ত অসমৰ খেলুৱৈক বেয়া ব্যবহাৰ কৰাক লৈ এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হোৱাৰ পিচত,আজি পুনৰ বক্সিঙৰ প্ৰথমটো মেচৰ অন্তত সৃষ্টি হয় একে পৰিৱেশৰ ৷ মহিলাৰ 48 কিলো শাখাৰ খেলখনত অসমৰ খেলুৱৈ প্ৰিয়ংকা বৰাই ভাল প্ৰদৰ্শন কৰাৰ পিচতো তামিলনাডুৰ খেলুৱৈৰ বিপৰীতে পৰাজিত ঘোষণা হোৱাক লৈ উত্তপ্ত হৈ পৰে অসমৰ একাংশ খেলুৱৈকে ধৰি প্ৰশিক্ষক ৷ মেচখনৰ অন্তত প্ৰিয়ংকাৰ প্ৰশিক্ষক আৰু প্ৰিয়ংকা বহু সময় ধৰি ৰিং এৰিবলৈ অমান্তি হয় ৷
খেল' ইণ্ডিয়াৰ বক্সিঙ প্ৰতিযোগিতাত বিতৰ্ক - অসম
খেল' ইণ্ডিয়াত মহিলাৰ 48 কিলো শাখাৰ বক্সিঙ প্ৰতিযোগিতাত অসমৰ খেলুৱৈ প্ৰিয়ংকা বৰাৰ ভাল প্ৰদৰ্শনৰ পিচতো তামিলনাডুৰ খেলুৱৈৰ সৈতে পৰাজিত হোৱাক লৈ উত্তপ্ত এক উত্তপ্ত পৰিৱেশৰ সৃষ্টি হয় ৷
বক্সিঙ প্ৰতিযোগিতা
উল্লেখযোগ্য যে,অসমৰ 19 গৰাকীকৈ খেলুৱৈ ছেমি ফাইনেললৈ উন্নীত হোৱাৰ পিচতো বৰ্তমানলৈকে অসমৰ এজনো খেলুৱৈয়ে স্বৰ্ণ পদক লাভ কৰিবলৈ সক্ষম হোৱা নাই ৷ এই বিষয়ক লৈ অসম বক্সিঙৰ মূখ্য প্ৰশিক্ষক অমৰ ডেকাই আৰম্ভণিৰে পৰা অসমৰ খেলুৱৈ সকলৰ লগত পক্ষপাত হোৱাৰ অভিযোগ উত্থাপন কৰি আহিছে ৷
লগতে পঢ়ক ঃদিল্লীৰ হৈ ৪ টাকৈ পদক আঁজুৰিলে অসমৰ বিক্ৰমে