অসম

assam

ETV Bharat / state

Rupjyoti kurmi controversial statement: তাজমহল ভাঙি মন্দিৰ বনাবলৈ এবছৰৰ দৰমহা দিব বিধায়ক ৰূপজ্যোতিয়ে - বিধায়ক ৰূপজ্যোতি কুৰ্মী

পাঠ্যপুথিৰ পৰা মোগলৰ ইতিহাস আঁতৰ কৰাক লৈ দেশজুৰি ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈ আছে ৷ ইয়াৰ মাজতেই বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে সদনৰ মজিয়াত মোগল সভ্যতাৰ স্মাৰক তাজমহল আৰু কুতুবমিনাৰ ভাঙি মন্দিৰ নিৰ্মাণ কৰাৰ দাবী জনায় (Rupjyoti kurmi demand a temple against Taj Mahal)।

Controversial statement of MLA Rupjyoti Kurmi
মন্দিৰ বনাবলৈ এবছৰৰ দৰমহা বিধায়ক ৰূপজ্যোতিৰ

By

Published : Apr 4, 2023, 10:35 PM IST

গুৱাহাটী,৪ এপ্ৰিল: বিতৰ্ক মানেই বিধায়ক ৰূপজ্যোতি কুৰ্মী ৷ অদ্ভুত মন্তব্যৰে প্ৰায়ে বিতৰ্কৰ সৃষ্টি কৰা বহুবল্কী বিজেপি বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে এইবাৰ কৰিলে আন এক বিতৰ্কিত মন্তব্য (Controversial statement of MLA Rupjyoti Kurmi)। এইবাৰ ৰূপজ্যোতি কুৰ্মীয়ে তাজমহল আৰু কুতুবমিনাৰ ভাঙি তাৰ ঠাইত ডাঙৰ মন্দিৰ নিৰ্মাণ কৰিব লাগে বুলি অন্য এক বিতৰ্কিত মন্তব্য কৰে (MLA kurmi commented on Mughal history) । ইয়াৰ বাবে তেওঁ নিজৰ এবছৰৰ দৰমহা দিবলৈয়ো প্ৰস্তুত আছে বুলি উল্লেখ কৰে ।

উল্লেখ্য যে, ৰাষ্ট্ৰীয় শিক্ষা গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদ চমুকৈ এন চি ই আৰ টিয়ে পাঠ্যপুথিৰ পৰা মোগলৰ ইতিহাস আঁতৰ কৰাক লৈ সৰ্বত্র ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে । এই প্ৰতিক্ৰিয়াৰ মাজতে মঙলবাৰে বিধানসভা চৌহদত সংবাদ মাধ্যমৰ আগত বিধায়ক কুৰ্মীয়ে মোগলৰ সকলো ইতিহাস নোহোৱা কৰাৰহে পোষকতা কৰে (Rupjyoti kurmi demand a temple against Taj Mahal)। পাঠ্যপুথিৰ পৰা মোগলৰ ইতিহাস নোহোৱা কৰা কাৰ্যৰ সমৰ্থন কৰাৰ উপৰি আৰু আগুৱাই গৈ তেওঁ মোগল সভ্যতাৰ স্মাৰক তাজমহল আৰু কুতুবমিনাৰ ভাঙি মন্দিৰ নিৰ্মাণ কৰাৰ দাবী জনায় (Rupjyoti kurmi demand demolish Taj Mahal)।

তেওঁ কয় যে, মোগল থাকিব লাগিব কিন্তু শেষৰ ফালে থাকিব লাগিব। মোগল হৈছে আগ্ৰাসনকাৰী, আমাৰ ধ্বংসকাৰী । এন চি ই আৰ টিৰ সিদ্ধান্তক আদৰণি জনাইছোঁ ৷ তেওঁ লগতে কয় যে, মোগলৰ সলনি দেশৰ বা অসমৰ আন বীৰসকলে পাঠ্যপুথিত স্থান পাব লাগে । তাজমহল আৰু কুটুবমিনাৰ ভাঙি পৃথিৱীৰ আটাইতকৈ ডাঙৰ আটক ধুনীয়া মন্দিৰ বনাব লাগে । এই মন্দিৰৰ বাবে প্ৰয়োজনত মোৰ বিধায়কৰ এবছৰৰ দৰমহা দান দিবলৈ মই সাজু আছো ।

বিধায়ক কুৰ্মীয়ে পৃথিৱীৰ ক’তো যাতে এনে অনুষ্ঠান নহয় তেনে এক অনুষ্ঠান গঢ় দিয়াৰ পোষকতা কৰে । স্বাভাৱিকতে বিধায়ক কুৰ্মীৰ এই মন্তব্যই ৰাজ্যজুৰি ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে । লক্ষণীয় বিষয় যে বিজেপিক তোষামোদ কৰিবলৈ গৈ তেওঁ ইতিহাস ধ্বংস কৰাৰ পক্ষত থিয় দিছে । উল্লেখ্য যে এন চি ই আৰ টিয়ে দ্বাদশ শ্ৰেণীৰ পাঠ্যক্ৰমৰ পৰা মোগল সাম্ৰাজ্যৰ সকলো অধ্যায় আঁতৰাই দিছে ।

একেদৰে একাদশ শ্ৰেণীৰ পাঠ্যক্ৰমৰ পৰা আঁতৰোৱা হৈছে ইছলামিক ভূমি সভ্যতাৰ সংঘাত বিষয়ক কথাবোৰ । সেইদৰে দশম শ্ৰেণীৰ পাঠ্যক্ৰমৰ পৰাও বাদ দিয়া হৈছে গণতন্ত্ৰৰ বৈচিত্ৰতা, লোকপ্ৰিয় সংগ্ৰাম আৰু গণতন্ত্ৰৰ প্ৰতি প্ৰত্যাহ্বান বিষয়ক অধ্যায়বোৰ । একেদৰেই দ্বাদশ শ্ৰেণীৰ পাঠ্যপুথি থীমছ অৱ ইণ্ডিয়ান হিষ্ট'ৰীৰ দ্বিতীয় খণ্ডৰ পৰা মোগল সাম্ৰাজ্যৰ ইতিহাস, বিশ্ব ৰাজনীতিত মাৰ্কিন আধিপত্য, শীতল যুদ্ধৰ যুগ পাঠবোৰ আঁতৰাই দিয়া হৈছে। এইদৰে ইতিহাসৰ গুৰুত্বপূৰ্ণ তথ্যবোৰ নজনাকৈয়ে এতিয়া ছাত্ৰ-ছাত্ৰীয়ে ইতিহাস অধ্যয়ন কৰিব লাগিব ।

কেৱল কেন্দ্ৰীয় বিদ্যালয়ৰ পাঠ্যক্ৰমতে নহয় যিবোৰ ৰাজ্যৰ শিক্ষা ব'ৰ্ডে এন চি ই আৰ টি অনুসৰণ কৰিছে তেওঁলোকেও নতুন পাঠ্যক্ৰম কেন্দ্ৰীয় চৰকাৰৰ নিৰ্দেশ অনুসৰি প্ৰস্তুত কৰিব লাগিব । ৰাজ্যজুৰি ব্যাপক প্ৰতিক্ৰিয়া সৃষ্টি হোৱাৰ মাজতে বিধায়ক ৰূপজ্যোতি কুৰ্মীৰ এই অদ্ভুত মন্তব্যই কিছু কিছু লোকক হাঁহিৰ খোৰাক যোগাইছে ৷

লগতে পঢ়ক:Avalanche in Sikkim: ছিকিমৰ হিমস্খলনত 7 পৰ্যটকৰ মৃত্যু, শতাধিক পৰ্যটক আৱদ্ধ

For All Latest Updates

ABOUT THE AUTHOR

...view details