গুৱাহাটী, ১২ জুলাই :সোমবাৰে,বহু চৰ্চিত গো-সুৰক্ষা বিধেয়কখন (cattle preservation bill) উত্থাপন কৰা হয় অসম বিধানসভাত । সোমবাৰে, 'দ্য আছাম কেটল প্ৰিজাৰ্ভেশ্বন বিল ২০২১ (The assam cattle preservation bill 2021)' শীৰ্ষক বিধেয়কখন সদনত উত্থাপন কৰে মুখ্যমন্ত্ৰী ড৹ হিমন্তবিশ্ব শৰ্মা (chief minister Himanta Bishwa Sarma)ই । প্ৰায় পোন্ধৰ পৃষ্ঠা জোৰা এই বিধেয়কখন বিধানসভাৰ বাজেট অধিবেশনৰ প্ৰথম দিনটোতে চৰকাৰে উত্থাপন কৰাটোৱে যথেষ্ট তাৎপৰ্য বহন কৰিছে ।
উল্লেখযোগ্য যে, এই বিধেয়ক খনত গৰুৰ চোৰাং ব্যৱসায় ৰোধ (control over illegal cattle trading) কৰাৰ লগতে গো-মাংস বিক্ৰী (selling of beef)ৰ ক্ষেত্ৰতো কেতবোৰ কঠোৰ নীতি নিয়ম প্ৰৱৰ্তন কৰা হৈছে । মন কৰিবলগীয়া যে, বিধানসভা (legislative assembly)ত বিধেয়ক উত্থাপনৰ পূৰ্বৰে পৰাই গো-সুৰক্ষা বিধেয়কৰ বিৰোধ কৰি আহিছিল বিৰোধীয়ে ৷ ৰাজ্যৰ দুই বিৰোধী দল কংগ্ৰেছ (congress) আৰু এআইইউডিএফে( AIUDF) এই বিধেয়কৰ তীব্ৰ বিৰোধী স্থিতি অৱলম্বন কৰিছে ৷